গুৱাহাটী: কামৰূপ মহানগৰৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক গুৱাহাটী মহানগৰ পানীযোগান আৰু অনাময় পৰিষদৰ নতুন পৰিচালন সঞ্চালক (এম ডি) হিচাপে নিয়োগ কৰা হৈছে।
এক চৰকাৰী বিবৃতি যোগে এই কথা সদৰী কৰা হয়। উল্লেখযোগ্য যে উপায়ুক্ত পল্লৱ গোপাল ঝাই বিগত সময়ছোৱাত গুৱাহাটী মহানগৰ পানীযোগান প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আহিছিল।
গুৱাহাটী মহানগৰ পানীযোগান আৰু অনাময় পৰিষদৰ সঞ্চালক এ সম্পথে ব্যক্তিগত কাৰণত তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰাৰ পিছত ঝাক এই দায়িত্ব অৰ্পন কৰা হয়।
লগতে পঢ়ক – ২৯ বছৰে চৰকাৰীকৰণৰ পৰা বঞ্চিত বোকাখাতৰ এখন মধ্য ইংৰাজী বিদ্যালয়