ধেমাজি, অংকুৰ নৰহ: কৈৱৰ্ত্ত জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদানৰ দাবীত সোমবাৰে ধেমাজিত সদৌ অসম কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলন, ধেমাজি জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি সংগঠনটোৱে ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ কৈৱৰ্ত্ত জনগোষ্ঠীৰ লোকসকল ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ টা বছৰৰ পাছতো আজিও সৰ্বদিশতে পিছপৰি ৰ’ব লগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে।
কৈৱৰ্ত্ত জনগোষ্ঠীক প্ৰতিটো ৰাজনৈতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি দাবী কৰি অনুসূচিত জাতিৰ উন্নয়ন সাধন কৰাৰ বাবে দুটাকৈ বিয়াগোম বিভাগ (অসম অনুসূচিত জাতি কল্যাণ বিভাগ আৰু অসম অনুসূচিত জাতি উন্নয়ন নিগম) দুটাত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাখ কোটি টকা আৱন্টন পোৱাৰ পিছতো কৈৱৰ্ত্ত জনগোষ্ঠীৰ কোনো উন্নয়ণ নহ’ল বুলি অভিযোগ কৰে।
প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত অসমৰ ৩৩টাকৈ জাতি-জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে বিভিন্ন শিতানত প্ৰতিখন উন্নয়ন পৰিষদক পুঁজি মঞ্জুৰি দি উন্নয়ণৰ ব্যৱস্থা কৰিলে যদিও স্বায়তশাসিত পৰিষদ বা উন্নয়ন পৰিষদ নথকাৰ বাবে জনগোষ্ঠীটোৱে উন্নয়ণৰ সকলোধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈ ৰ’বলগীয়া হৈছে বুলি সংগঠনটোৱে আক্ষেপ প্ৰকাশ কৰে।
লগতে পঢ়ক – জোনাইত জব্দ ১০ লক্ষাধিক টকাৰ ড্ৰাগছ