টীয়ক: টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় উদ্যোগত শুক্ৰবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বিশেষ বক্তৃতা অনুষ্ঠানত অনুস্থিত কৰা হয়।

ছাত্ৰ-ছাত্ৰীৰ প্ৰমূল্যবোধৰ আৰু সামাজিক দায়বদ্ধতা সৃষ্টিত শংকৰদেৱৰ দৰ্শনৰ ভূমিকা শীৰ্ষক নিৰ্ধাৰিত বিষয়ত বক্তব্য আগবঢ়াই শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনিৰ সঞ্চালনাত আয়োজিত এই বক্তৃতা অনুষ্ঠানত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০  বিমল বৰা আৰু শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ সভাপতি মুকুল গগৈ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

পদাধিকাৰ গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে মহাপুৰুষ শংকৰদেৱক কেৱল অসমতে সীমাবদ্ধ নাৰাখি বিশ্ব দৰবাৰত তেওঁৰ অমৰ সৃষ্টিৰাজি বিয়পাই নিবলৈ আমি চেষ্টা কৰিব লাগে কিয়নো মহাপুৰুষগৰাকীয়ে সমগ্ৰ বিশ্বৰ জীৱকুলৰ বাবে অৱদান আগবঢ়াই থৈ গৈছে।

তেওঁ কয়, ‘কেৱল নামঘৰ, মছজিদ অথবা উপাসনা স্থলীলৈ গ’লেই যে ধৰ্ম কৰা হয় তাক নুবুজাই কৰ্মই ধৰ্ম বুলি সদৰি কৰি অহিংসাৰ বাটেৰে সকলোৱে আগুৱাই যাব লাগিব।‘ ইপিনে বৰ্তমান সমাজে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমাজ পৰিচালনাৰ ক্ষেত্ৰত যিবোৰ নীতি আদৰ্শ অৱলম্বন কৰিছে সেয়া মহাপুৰুষ গৰাকীয়ে তেতিয়াই আৰম্ভ কৰিছিল বুলি পদাধিকাৰ গৰাকীয়ে কয়।

সভাত বিশিষ্ট সংস্কৃত পণ্ডিত ড০ অকণ চন্দ্ৰ শইকীয়া, জ্যেষ্ঠ শিক্ষক দেবেন দত্ত, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি সুৰেন্দ্ৰ নাথ শইকীয়াকে ধৰি মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – খুমটাইৰ সেন্দুৰিটিঙত ট্ৰেইনৰ খুন্দাত এজনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply