মঙলদৈ, প্ৰবীণ বৰুৱা: মঙলদৈৰ মোৱামাৰীত অবৈধ মাটি খননৰ বিৰুদ্ধে আজি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে মঙলদৈত নিৰ্মাণ হৈ থকা দক্ষতা বিকাশ বিশ্ববিদ্যালয়ত ব্যৱহাৰৰ উদ্দেশ্যে মোৱামাৰীত মঙলদৈ নৈ পাৰত JCB আৰু ডাম্পাৰেৰে ব্যাপকভাৱে মাটিৰ অবৈধ খনন কাৰ্য চলি আহিছে।

হাজাৰ হাজাৰ হেক্টৰ মাটি অবৈধভাৱে খনন কৰি নৈপৰিয়া ৰাইজক ভয়াৱহ বিপদৰ ফালে থেলি পঠিওৱাৰ অভিযোগ আনে অঞ্চলটোৰ ৰাইজে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি অবৈধ মাটি খনন কাৰ্যত জনৈক অধিকাৰী, ৰাম চৌহান, দিলিপ,ৰুবুল, নামৰ ব্যক্তি কেইজন জড়িত হৈ আছে।

ইয়াৰ উপৰিও মঙলদৈ-মোৱামাৰীৰ সমগ্ৰ পথচোৱা ধূলিময় হৈ পৰিৱেশ অস্বাস্থ্যকৰ হৈ পৰিছে। এতিয়া অবৈধ খনন কাৰ্যত জড়িত এইসকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?

ইফালে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত খননস্থলীত মঙলদৈ ৰাজহচক্ৰ বিষয়া নয়ন জ্যোতি পাঠক উপস্থিত হৈ অবৈধ খনন কাৰ্য্য বন্ধ ৰখাৰ ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷ উল্লেখযোগ্য যে উক্ত মাটি খনন কাৰ্য্যত চৰকাৰী ৰাজহ দিব লাগে নে নালাগে এই সম্পৰ্কে এতিয়ালৈকে অৱগত নহয় ৰাজহ চক্ৰ বিষয়া।

লগতে পঢ়ক – কাৰ্বি আংলঙত ৭ কোটি টকা ড্ৰাগছসহ ৩জনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply