মঙলদৈ, প্ৰবীণ বৰুৱা: বৃটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ পথৰুঘাটত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত ১৪০ গৰাকী নিৰীহ কৃষক শ্বহীদ হৈছিল। কৃষিজীৱী দৰঙী প্ৰজাক ব্ৰিটিছে অন্যায়ভাবে ভূমি ৰাজহ বৃদ্ধি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা শান্তি প্ৰিয় কৃষকসকলৰ ওপৰত হোৱা অত্যাচাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ উকমুকনি স্বৰূপ এক উল্লেখযোগ্য কৃষক বিদ্ৰোহ হিচাবে চিহ্নিত হৈছে। এই ঐতিহাসিক ঘটনাটো পঞ্জাবৰ জালিৱানৱালা বাগ হত্যাকাণ্ড আৰু চিপাহী বিদ্রোহতকৈও  গুৰুত্বপূৰ্ণ আছিল যদিও ই আজিও অৱহেলিত।

উক্ত ঐতিহাসিক কৃষক বিদ্ৰোহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে দৰং জিলা বাৰ্তাজীৱী সংঘ আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অহা ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে “কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস” আয়োজন কৰা হৈছে।

পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকা, সম্পাদক নুৰ আলম আৰু দৰং জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি লক্ষ্যধৰ শইকীয়া আৰু সম্পাদক লক্ষীনন্দন কলিতাই জনোৱা মতে দিৱস উপলক্ষে ২৭ জানুৱাৰীত পুৱা ৯ বজাত শ্বহীদ বাকৰিত আছুৰ পতাকা উত্তোলন কৰিব জিলা ছাত্র সন্থাৰ সভাপতি পৰাগ চহৰীয়াই। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰিব জিলা আছুৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাই।

দিনৰ ১১ বজাত শ্বহীদ বাকৰি প্ৰাঙ্গণত অনুষ্ঠিত হ’ব ‘সাম্প্ৰতিক সময়ৰ পথৰুঘাট কৃষক বিদ্ৰোহৰ প্ৰাসংগিকতা’ শীৰ্ষক আলোচনাচক্ৰ। দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰ খন উদ্বোধন কৰিব দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই।

আলোচনা চক্ৰত বিশিষ্ট চিন্তাবিদ ময়ুৰ বৰা, গুৱাহাটী প্ৰেছ একাডেমীৰ সভাপতি মধুসূদন মেধি, আছুৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন, সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, বিশিষ্ট সাহিত্যিক ফটিক দত্ত গোস্বামী, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, দৰঙৰ অতিৰিক্ত উপায়ুক্ত বিবেক শ্যাম, মঙ্গলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ ড০ চহিৰ ভূঞা, অনুসূচিত জাতি ছাত্র সন্থাৰ উপদেষ্টা যুগল কিশোৰ বণিয়া আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

উক্ত অনুষ্ঠানতে ঐতিহাসিক পথৰুঘাট ৰণৰ কৃষক শ্বহীদ পৰিয়াল সমূহক সম্বৰ্ধনা জ্ঞাপন কৰাৰ  লগতে দুগৰাকী বিশিষ্ট কৃষকক সম্বৰ্ধনা জনোৱা হ’ব। আনহাতে ২৮ জানুৱাৰীত শ্বহীদ তৰ্পন, বন্তি প্ৰজ্বলন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইফালে দৰং জিলা প্ৰশাসনৰ উদ্যোগতো ২৮ জানুৱাৰীৰ শ্বহীদ দিৱসটি বনাৰ্ঢ্য কাৰ্যসূচীৰে আয়োজন কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক – ড০ এম কামালুদ্দিন আহমেদলৈ অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply