কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়াজানত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা গৰিয়াজান চাহ বাগিছাৰ এজোপা গছৰ ডালত চিপ লোৱা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰে। মৃত লোকজনক দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিদোৱা গাঁৱৰ বুবু হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকে ঘটনাটো লোকজনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে মৃত লোকজনৰ দুচকীয়া বাহনখন গৰিয়াজান বাগানৰ জয়নাথ তাঁতীৰ ঘৰত উদ্ধাৰ কৰাৰ লগতে তাঁতীৰ ঘৰৰ মজিয়াত আৰু জেউৰাত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে।

নিহত লোকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে জয়নাথ কুৰ্মীৰ পৰা বুবু হাজৰিকাই ৬০ হাজাৰ টকা পাবলৈ আছিল।

ইতিমধ্যে ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ জয়নাথ তাঁতী আৰু পুত্ৰ লোহিত তাঁতীক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক – ধুমুহাত বিস্তৰ ক্ষতিসাধন জামুগুৰিহাটৰ বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply