তিনিচুকীয়া: এগৰাকী ১৩ বছৰীয়া নাবালিকাৰ ওপৰত অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগত তিনিচুকীয়াত এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকজনক ২৯ বছৰীয়া অৰ্জুন চৌহান বুলি চিনাক্তা কৰা হৈছে।

তিনিচুকীয়া আৰক্ষী থানাৰ উপ পৰিদৰ্শক ডেইজি নাথে ইষ্টম’জ’ক জনোৱা মতে দিনৰ প্ৰায় ২.৩০ বজাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ব্যৱসায়ীজনে কিশোৰী গৰাকীক ধৰ্ষণ কৰে।

ঘটনা সম্পৰ্কত কিশোৰী গৰাকীৰ দিন হাজিৰা কৰা পিতৃ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দি আৰক্ষী বিষয়া গৰাকীয়ে কয়, ‘’ছোৱালীজনীৰ দেউতাকৰ মতে অভিযুক্তজন তেওঁলোকৰ সতৈ বিহাৰৰ একেখন গাঁৱৰ, বৰ্তমান তেওঁলোক তিনিচুকীয়া নগৰত থাকে।‘’

ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে POSCO আইনৰ ধাৰা ৩৭৬-ৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰপ্তাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে বুলি নাথে জনায়।

লগতে পঢ়ক – স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সেনাৰ তিনিটাকৈ শিবিৰত আলফা-এনএছচিএনৰ আক্ৰমণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply