নিউজ ডেস্ক: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এক শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ অসমৰ এজন যুৱকে প্ৰাণ হেৰোৱাব লগা হয়।

প্ৰাপ্ত তথ্য মতে, যোৱা শুকুৰবাৰে সংঘটিত হৈছিল উক্ত পথ দুৰ্ঘটনাটো। নিহত লোকজনক নুৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। হুছেইনৰ ঘৰ কামৰূপ জিলাৰ গৰৈমাৰীৰ আচলপাৰাত।

কৰ্মসূত্ৰে লক্ষ্ণৌত থকা হুছেইন তাত এখন ব্যৱসায়ীক ফাৰ্মত নিযুক্ত হৈ আছিল। উক্ত দিনা তেওঁ কাম কৰা প্ৰতিষ্ঠানটোৰ মালিকৰ পুতেকৰ সৈতে বাইকত এখন বিয়া খাবলৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী বলেৰ’ বাহনে তেওঁলোকৰ বাইকক মহটিয়াই লৈ যায় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত হুছেইনৰ লগতে তেওঁৰ সৈতে আনজন বাইক আৰোহীৰ থিতাতে মৃত্যু হয়।

লগতে পঢ়ক – মানকাচৰৰ জোৰডাঙ্গা বিএছএফ কেম্পত বিনামূলীয়া পশু চিকিৎসা শিবিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply