পল্লব মিলি, লখিমপুৰ: লখিমপুৰত দেওবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ হৈছে।
জানিব পৰা মতে স্থানীয় লোকে লখিমপুৰ খেলমাটিৰ ডাম্পিং গ্ৰাউণ্ডৰ পুখুৰীৰ কাষতে পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰিছিল। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ডাম্পিং গ্ৰাউণ্ডৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।
নিহত যুৱকজনক লখিমপুৰৰ পূব চান্দমাৰী তামোলবাৰী বান্তৌ বঙালী গাঁৱৰ চৰিদুল হক বুলি চিনাক্ত কৰা হৈছে।
মাৰাত্মক ড্ৰাগছ সেৱন কৰাৰ বাবেই যুৱকজন মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। স্থানীয় লোকে অভিযোগ কৰা মতে লখিমপুৰ ডাম্পিং গ্ৰাউণ্ডৰ আশে পাশে দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ বেহা চলি আহিছে।
লগতে পঢ়ক – মঙলদৈত বাঘৰ মুক্ত বিচৰণ