বিশ্বনাথ: পৰকীয়া প্ৰেমৰ বাবেই ভয়ংকৰ মৃত্যুক সাবটিব লগিয়া হ’ল বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত জয়পুৰৰ পপী বৰাই। দুটি সন্তানৰ মাতৃ মহিলা গৰাকীৰ মৃত্যুত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে নাগশংকৰৰ নতেলিয়া গাঁৱৰ পপী বৰা কিছু বছৰ পূৰ্বে চতিয়াৰ জয়পুৰৰ পদুম মগৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছত দুটাকৈ সন্তানৰ মাতৃ হৈয়ো পপী বৰা পৰকীয়া প্ৰেমত লিপ্ত হৈছিল চতিয়াৰে নন কে চেঙামাৰিৰ মানস গগৈ নামৰ বহিঃৰাজ্যত ব্যক্তিগত কোম্পানীত কৰ্মৰত এজন যুৱকৰ সৈতে।
কিন্তু পৰকীয়া প্ৰেমৰ যে ইমান ভয়াবহ পৰিণতি হ’ব পাৰে সেয়া হয়তো পপী বৰাই কাহানীও কল্পনাই কৰা নাছিল। গৰু বিহুৰ দিনাই পুৱা ঐতিহাসিক নাগশংকৰ দেৱালয়ৰ সমীপত উদ্ধাৰ হৈছিল পপী বৰাৰ মৃতদেহ।
১৩ এপ্ৰিলৰ নিশাই প্ৰেমিক মানস গগৈয়ে পপী বৰাক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰি নাগশংকৰ দেৱালয়ৰ সমীপত মৃতদেহ পেলাই থৈ গৈছিল। প্ৰেমিক মানসৰ লগত পলাই যাব বিচৰা পপীক যুৱকজনে নিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি দুয়োৰে কাজিয়া হৈছিল আৰু তাৰ পৰিনতিতে মানসে চোকা অস্ত্ৰৰে ডেঙি ৰেপি পপী বৰাক হত্যা কৰিছিল।
প্ৰথমে আৰক্ষীয়ে হত্যাকাণ্ডৰ কোনো ক্লু পোৱা নাছিল যদিও পিছত অনুসন্ধান চলাই ২৪ ঘন্টাৰ ভিতৰতে হত্যাৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হয়। বিশ্বনাথৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল হত্যাকাৰী তথা পপী বৰাৰ প্ৰেমিক মানস গগৈক।
আজি বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই সন্দৰ্ভত সংবাদমেল আয়োজন কৰি আৰক্ষী অধীক্ষক নবীন সিঙে হত্যাকাৰীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি উল্লেখ কৰি তেওঁৰ পৰা হত্যাকণ্ডত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ আৰু বহু কাপোৰ-কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।
উক্ত সংবাদমেলত বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা উপস্থিত থাকে।
লগতে পঢ়ক – কৃষকসকলৰ কন্যাৰ শিক্ষাৰ বাবে হৰভজন সিঙে দিব নিজৰ বেতন