বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিগত ১৩ বছৰে নিৰুদ্দিষ্ট হৈ আছে বোকাখাতৰ এজন ব্যক্তি। বোকাখাতৰ লক্ষৌজান চাহ বাগিছাৰ উড়িয়া লাইন নিবাসী তথা বাগিছাখনৰ প্ৰাক্তন কৰ্মচাৰী অজিত তাঁতী নামৰ এই ব্যক্তিজন যোৱা ১৩ টা বছৰে নিৰুদ্দিষ্ট হৈ থকাৰ পাছত এতিয়াও পৰিয়ালটো নিশ্চিত হ’ব পৰা নাই যে ব্যক্তিজন জীৱিত আছে নে ইতিমধ্যে তেখেতৰ মৃত্যু ঘটিছে।

পৰিয়ালৰ লোকে জনোৱা মতে ১৩ বছৰ পূৰ্বে দূৰ্গা পূজাৰ উতনিৰ দিনা অজিত তাঁতী বোকাখাতৰ লখৌজান চাহ বাগিচাস্থিত ঘৰৰ পৰা ওলাই গৈছিল।

পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ লগতে বিভিন্ন ঠাইত সন্ধান কৰাৰ পাছতো তেওঁৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত ২০২০ চনৰ ২৫ জুনত বোকাখাত আৰক্ষী প্ৰশাসনক লোকজন সন্ধানহীন হৈ থকা সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছিল। কিন্তু আজি পৰ্য্যন্ত বোকাখাত আৰক্ষীৰ পৰা তাঁতীৰ কোনো খবৰ নাহিল।

ফলত দুৰ্ভগীয়া পৰিয়ালটোয়ে বেংকৰ পৰা উলিয়াব পৰা নাই ব্যক্তিজনে লখৌজান চাহ বাগিছাৰ পৰা লাভ কৰা অৱসৰকালীন ধন। তদুপৰি লোকজনৰ সন্ধানত ইতিমধ্যে পৰিয়ালটোৱ জমা ধনৰ লগতে আৱন্টিত চৰকাৰী গৃহৰ ধনো ব্যয় কৰিলে, ফলত পৰিয়ালটোৱে লাভ কৰা একমাত্ৰ চৰকাৰী গৃহটো যোৱা কেইবাবছৰ ধৰি অসম্পূৰ্ণ হৈ আছে।

লগতে পঢ়ক – ভাৰতত ৩ বছৰত ৪০ লাখ লোক কেঞ্চাৰত আক্ৰান্ত; ২২.৫৪ লাখৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply