বোকাজান: বোকাজানত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এজন লোকে নিজ পত্নীক দাৰে ঘপিয়াই হত্যা কৰাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে বোকাজানৰ খটখটিৰ লংখ্ৰাং বস্তিত সংঘটিত হৈছে এই ঘটনা।

ঘটনা অনুসৰি কৃষ্ণ গৰ নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক। আনহাতে উক্ত নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে অভিযুক্ত কৃষ্ণ গৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

নিহত মহিলা গৰাকীৰ নাম ববিতা গৰ বুলি জানিব পৰা গৈছে। পাৰিবাৰিক কাজিয়াৰ বাবেই লোকজনে নিজ পত্নীক হত্যা কৰে বুলি সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰা পৰ্য্যন্ত কাকো আটক কৰা নাই।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply