গুৱাহাটী : আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মহিলা আত্ম-সহায়ক গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰনিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হয়।
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য়ালয়ত অনুষ্ঠিত এই সভাত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত এই চুক্তি মতে এতিয়াৰে পৰা প্ৰশাসনৰ সকলো উন্নয়নমূলক সভাত এই আত্ম-সহায়ক গোটসমূহক তেওঁলোকে নিজে তৈয়াৰ কৰা পাতলীয়া জলপানিৰ যোগান ধৰিবলৈ সুবিধা দিয়া হ’ব।
সভাত নগৰীয়া জীৱিকা প্ৰকল্প, ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান তথা পৌৰনিগমৰ কেইবাটাও আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্য উপস্থিত থাকে।
সভাত আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই উপায়ুক্তগৰাকীয়ে মহিলাসকলক আয়ৰ উৎস শক্তিশালী কৰি আত্মনিৰ্ভৰ হ’বলৈ উৎসাহিত কৰে আৰু প্ৰশাসন আৰু পৌৰনিগমৰ এই চুক্তিয়ে মহিলাসকলৰ উন্নয়নৰ পথ ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।
আনহাতে, সভাত ভাষণ প্ৰদান কৰি পৌৰনিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয় যে দেশৰ ধৰণী জ্ঞান কৰি মহিলাসকলক আগুৱাই যাবলৈ চৰকাৰে সকলো ধৰণৰ পথ মুকলি কৰি দিছে। মহিলাসকলৰ মনত সেই সম্পৰ্কে শুভ বুদ্ধি উদয় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
ইফালে গুৱাহাটী মহানগৰীৰ মাৰোৱাৰী হস্পিটালতো আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱস উলক্ষে হস্পিটালখনত মহিলাসকলৰ বাবে বিনামূলীয়া চিকিৎসা পৰামৰ্শ আৰু পেপ টেষ্ট (Pap smear test) অনুষ্ঠিত কৰা হয়।
হস্পিটালখনৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ স্বেতা ভাঞ্চালি আৰু ডাঃ সংগীতা বৰ্মনে মহিলাসকলক চিকিৎসা পৰামৰ্শ প্ৰদান কৰে।
লগতে পঢ়ক – ডংকামোকামত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন