মাজুলী, সঞ্জিত অসম বৰা: ধাৰাসাৰ বৰষুণত সোৱনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে মাজুলীত সৃষ্টি হৈছে ভয়ংকৰ গৰাখহনীয়া।

মাজুলীৰ মাজৰ চাপৰিত সোৱনশিৰি নদীৰ বুকুত জাহ গৈছে ঘৰ ভেটি আৰু কৃষি পথাৰ। গৰাখহনীয়াত আতংকিত হৈ মাজৰ চাপৰি গাঁওবাসীয়ে বাঁহ আৰু গছৰ ডাল পাতেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে।

উল্লেখযোগ্য যে খহনীয়া প্ৰভাৱিত এই অঞ্চলত জল সম্পদ বিভাগে কোটি টকা ব্যয়ৰে আৰ চি চি পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছিল যদিও নদীৰ বুকুত সকলো জাহ গৈছে।

খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ন কৰা এই আৰ চি চি পাৰ্কুপাইনসমূহ ঠিকাদাৰ আৰু জল সম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে নিম্ন মানদণ্ডৰ হোৱাৰ কাৰণে খহনীয়া প্ৰতিৰোধ হোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে।

লগতে পঢ়ক – অসম আৰু মেঘালয়ত ”ৰেড এলাৰ্ট”, ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,333 other subscribers

Leave a comment

Leave a Reply Cancel reply