কলিয়াবৰ: কলিয়াবৰৰ শিলঘাটত পুৱা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। শিলঘাটৰ কামাখ্যা পাহাৰৰ নামনিত থকা এটা বাসগৃহত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয়।

অগ্নিকাণ্ডৰ লগে লগে জুইৰ লেলিহান শিখাই আগুৰি ধৰে শিলঘাটৰ সুভাষ দেইৰ পুত্ৰ দিগন্ত দেইৰ বাসগৃহটো। তদুপৰি ঘৰটোৰ ভিতৰত থকা দুখন বাইক আৰু তিনিখন চাইকেল অগ্নিকাণ্ডত সম্পূৰ্ণৰুপে ভষ্মীভূত হোৱাৰ লগতে ঘৰৰ সা-সামগ্ৰী¸ প্ৰয়োজনীয় নথি-পত্ৰ অধিকাংশই জুইত জাহ যায়।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

উল্লেখযোগ্য যে ঘৰটোৰ গৃহস্থ বৃহস্পতিবাৰে এখন বিয়াৰ অনুষ্ঠানত উপস্থিত থাকিব লগা হোৱাত অগ্নিকাণ্ডৰ সময়ত ঘৰটোত কোনো উপস্থিত নাছিল।

ঘটনাস্থলীত উপস্থিত হৈ কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ অগ্নি নিৰ্বাপক বাহনে জুই নিৰ্বাপন কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এটা বৃহৎ অঞ্চল অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।

লগতে পঢ়ক – গৰুৰ চোৰাং কাৰবাৰ তথা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে বোকাখাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply