নিউজ ডেস্ক: আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ সমিপত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। চিকিৎসালয়খনৰ সমীপত থকা এঘৰ লোকৰ ঘৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি সংঘটিত হয় উক্ত অগ্নিকাণ্ড।
প্ৰাপ্ত তথ্য মতে তিনিটা কৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি চাৰিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰৰ লগতে সকলো সা-সম্পত্তি জুইত জাহ যায়।
ইয়াৰে এখন ঘৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি জুইত জাহ গ’ল এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ সকলো নথি-পত্ৰ।
ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনী আৰু পুলিচ প্ৰশাসন আহি জুই নুমাবলৈ সক্ষম হয়। অগ্নিকাণ্ডত চাৰিজন ব্যক্তি কিছু পৰিমানে আহত হয় বুলিও জানিব পৰা গৈছে।
লগতে পঢ়ক – ঢকুৱাখনা সদৰ থানাত সোণৰ বিস্কুটৰ উজান