কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান মেলামৰা মহাবিদ্যালয়ত আজি ই- আলোচনী WISDOM-ৰ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হয়।

মেলামৰা মহাবিদ্যালয়ৰ প্ৰবক্তা বিশ্বজিত বৰা আৰু ছাত্ৰ লক্ষীৰাম কুৰ্মীৰ সম্পাদনাত প্ৰকাশ পোৱা ই আলোচনী WISDOM আজি আনুষ্ঠানিকভাৱে মহাবিদ্যালয়খনৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ বৰুৱাই উন্মোচন কৰে।

মহাবিদ্যালয়খনৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা ই-আলোচনীখনে ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশত উপকৃত হোৱাৰ উপৰিও শাৰীৰিক, মানসিক, বৌদ্ধিক প্ৰতিভা বিকাশৰ অন্যতম মাধ্যম হব বুলি অধ্যক্ষ গৰাকীয়ে নিজৰ ভাষণত আশা প্ৰকাশ কৰে।

সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষা জুৰী বৰুৱা, সমূহ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

লগতে পঢ়ক – ঘৰুৱা হিংসাৰ বলি হোৱা ৰঙিয়াৰ ৰুনজুন বেগম আজি বহু মহিলাৰ পথ-প্ৰদৰ্শক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply