গুৱাহাটীঃ বৃহত্তৰ গুৱাহাটী দুগ্ধ কৃষক সন্থাই ২০২২ চনৰ ১ আগষ্টৰ পৰা গাখীৰৰ মূল্য প্ৰতি লিটাৰত ৪ টকা কৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে গুৱাহাটীত দৈনিক মুঠ ১ লাখ ৬০ লিটাৰ গাখীৰ বিক্ৰী হৈ আহিছে আৰু গুৱাহাটীত ৫০০ ৰো অধিক লোক এই দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। উল্লেখ্য যে গাখীৰৰ মূল্য বৃদ্ধিৰ লগে লগে মিঠাই আৰু অন্যান্য দুগ্ধজাতত সামগ্ৰীৰ মূল্যও বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিছে।
মহানগৰীৰ দুগ্ধ উদ্যোগীসকলৰ সংগঠন বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাই সোমবাৰে ঘোষণা কৰে যে ২০২২ চনৰ ১ আগষ্টৰ পৰা গাখীৰৰ মূল্য প্ৰতি লিটাৰত চাৰি টকা বৃদ্ধি কৰা হ’ব।
মূল্যবৃদ্ধিৰ লগে লগে ৫০ টকাৰ পৰা প্ৰতি লিটাৰ গাখীৰত এতিয়া ৫৪ টকা হ’ব। EastMojo ৰ এই প্ৰতিনিধিক বৃহত্তৰ গুৱাহাটী গো-পলক সংস্থাৰ উপদেষ্টা বাবুৰাম পোড়েলে কয়, “ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা পশুখাদ্য আৰু অন্যান্য গোধনৰ খাদ্যৰ পৰিবহন মাচুলৰ অতিৰিক্ত ব্যয় পূৰণ কৰাৰ বাবে গাখীৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। পশু চিকিৎসা ঔষধৰো মূল্য বাঢ়িছে।”
উল্লেখ্য যে পেট্ৰ’ল, ডিজেল, এলপিজি চিলিণ্ডাৰৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ লগতে আন কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীয়ে এই বছৰ সাধাৰণ মানুহক জ্বলা-কলা খুৱাইছে। গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত সাধাৰণ মানুহ অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী আৰু ইয়াৰ আশে-পাশে প্ৰায় ১,০৫০ টা সৰু-বৰ দুগ্ধপাম আছে, যাৰ বেছিভাগ চহৰৰ উপকণ্ঠত থকা আমেৰিগোগ অঞ্চলত অৱস্থিত। এই দুগ্ধ পামবোৰে চহৰখনৰ মুঠ গাখীৰ প্ৰয়োজনীয়তাত ১.৫০ লাখ লিটাৰ গাখীৰ অৰিহণা যোগায়।