নিউজ ডেস্ক: শনিবাৰে ডিব্ৰুগড়ত সংঘটিত এক মব লিঞ্চিঙৰ ঘটনাত এটি ৪ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগত একাংশ লোকে মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ৩০ ঊৰ্ধ্বৰ ব্যক্তিক হত্যা কৰে।

প্ৰাপ্ত তথ্য মতে ডিব্ৰুগড়ৰ ধলজান চাহ বাগিচাত সংঘটিত হয় এই ঘটনা। উক্ত ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনা বিয়পী পৰাত আৰক্ষী অধীক্ষক স্বেতংক মিশ্ৰই নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ এক দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰক্ষী অধীক্ষক মিশ্ৰই জনোৱা মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত অনা হৈছে আৰু দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মিশ্ৰই জনোৱা মতে স্থানীয় লোকৰ আক্ৰমণ প্ৰাণ হেৰোৱা সুনীত তাঁতি ওৰফে অভিমণ্যু তাঁতিয়ে তেওঁৰ চুবুৰীৰে এটি ৪ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগত অঞ্চলটোৰ একাংশ লোকে তেওঁক আক্ৰমণ কৰি হত্যা কৰে।

‘তেওঁৰ মৃতদেহটো জ্বলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে,’ আৰক্ষী অধীক্ষক গৰাকীয়ে কয়।

কালি সন্ধিয়া প্ৰায় ৬ বজাত উক্ত ঘটনাটো সংঘটিত হয়। মিশ্ৰৰ কয় যে প্ৰাৰম্ভিক তথ্য অনুসৰি তাঁতি মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল আৰু কিয় তেওঁ ল’ৰাটোক হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

‘আমি এটা মব লিঞ্চিঙৰ গোচৰ ৰুজু কৰিছো আৰু পৰিস্থিতি শান্ত হোৱাৰ পিছতে তন্দন্ত আৰম্ভ কৰিম,’ মিশ্ৰই লগতে কয়।

লগতে পঢ়ক – কোকৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড; প্ৰায় ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply