নিউজ ডেস্ক: শুকুৰবাৰে গুৱাহাটী মালিগাঁৱৰ স্থিত ৰং ভৱনত অনুষ্ঠিত হোৱা ৰোজগাৰ মেলাৰ অধীনত নিয়োগ নিযুক্তি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্যসূচীত অংশগ্ৰহণ কৰি ২০৩ গৰাকী উত্তৰ-পূৰ্বৰ ৰাজ্য কেইখনৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই দেশজুৰি আৰম্ভ হোৱা এই নিয়োগ মেলাত তেওঁ ভাৰ্চুৱেলী সকলো প্ৰাৰ্থীক সম্বোধন কৰাৰ লগতে মত বিনিময় কৰে। অসমৰ এজন প্ৰাৰ্থীৰ সৈতেও প্ৰধানমন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰা দেখা গ’ল।
অনুষ্ঠানটো কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণ প্ৰদান কৰি কয় যে, প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত আৰম্ভ হোৱা নিয়োগ মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰাৰ্থীয়ে আনন্দ প্ৰকাশ কৰিছে। নিযুক্তি পত্ৰ লাভ কৰা প্ৰাৰ্থীৰ সৈতে তেওঁ লগতে আনন্দিত হোৱা বুলি জনায়। আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত পুনৰ নিকা পদ্ধতিৰে নিযুক্তি হোৱাৰ লগতে উত্তৰ-পূৰ্বৰ যুৱক-যুৱতীও আহিবলগীয়া দিনত নিযুক্তি পাব বুলি আশ্বাস প্ৰদান কৰে।
উল্লেখযোগ্য যে, ২০২২ চনতেই প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰোজাৰ মেলাৰ অভিযান আঁচনিখন আৰম্ভ কৰা হৈছিল য’ত ভাৰতৰ ১০ লাখ যুৱক-যুৱতীত কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিযুক্তি প্ৰদান কৰা হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত জনাইছিল।
লগতে পঢ়ক – ৩ ফেব্ৰুৱাৰীত মুক্তি পাব প্ৰয়াত নিপন গোস্বামীৰ দ্বাৰা পৰিচালিত ছবি ড০ বেজবৰুৱা ২