গুৱাহাটী: শুকুৰবাৰে নিশা সোণাপুৰ টোলগে’টত নাৰ্কোটিক কন্ট্ৰোল ব্যুৰোৱে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ কেচা সামগ্ৰী নিষিদ্ধ মৰ্ফিন জব্দ কৰে।
সোণাপুৰৰ নাজিৰাখাট টোলগেটত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা দুখন বাহনৰ পৰা নাৰ্কোটিক কন্ট্ৰোল ব্যুৰোৱে ক’লা ৰঙৰ মোনাত ভৰাই অনা উক্ত মৰ্ফিনখিনি জব্দ কৰে জানিব পৰা গৈছে।
অভিযানকালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী পাখি মিয়াৰ পুত্ৰ আটাউৰ ৰহমানৰ লগতে মুঠ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ উপৰি AS 01 EV 8493 আৰু AS 03 H 3191 নম্বৰৰ বাহন দুখন জব্দ কৰে।
অভিযুক্ত কেইজনৰ জিন্মাৰ পৰা আধা কেজিকৈ ২৪ পেকেট মৰ্ফিন উদ্ধাৰ কৰা হয়, যাৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – ছিংগাপুৰত নাবালিকাক যৌন উৎপীড়ন চলোৱা ভাৰতীয় যুৱকক কাৰাদণ্ড