টীয়ক, প্রেৰক স্মৃতি প্ৰিয়া লাহন: দেশৰ অন্যান্য স্থানৰ লগতে যোৰহাট জিলাৰ অগ্ৰণী মহিলাৰ উচ্চ  শিক্ষাৰ অনুষ্ঠান টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি “একতাৰ দৌৰ” কাৰ্যসূচী ৰূপায়ন কৰে। 

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ মহানন্দ নেওগ আৰু ১১৯ নং চি আৰ পি এফৰ বিষয়া মীৰ হুছেইনে ফ্লেগ অফ কৰা এই কাৰ্যসূচীত ১১৯ নং চি আৰ পি এফৰ জোৱান সকল,টীয়ক ক্ৰীড়া সন্থা, নেহৰু যুৱ কেন্দ্ৰ যোৰহাট, টীয়ক চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী,টীয়কআবকাৰী বিভাগৰ বিষয়া,কৰ্মচাৰীকে ধৰি বিদ্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, ফুটবল কচিং চেন্টাৰৰ খেলুৱৈ সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য  যে এই কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক লৌহমানৱগৰাকীৰ বিষয়ে জনাত তথা এনেবোৰ উৎসৱ উদযাপনে উঠি অহা প্ৰজন্মক ইতিহাস বিষয়ত অধিক আগ্ৰহী কৰি তুলিব বুলি আশা প্ৰকাশ  কৰিছে উদ্যোক্তা সকলে।

লগতে পঢ়ক – আইমী বৰুৱাৰ ‘ছেমখৰ’ৰ বিৰুদ্ধে গুৱাহাটীত সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী, সচেতন ৰাইজ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply