পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। চোকা অস্ত্ৰৰে নিজ জোৱায়েকে হানি খুচি হত্যা কৰে শহুৰেকক। লখিমপুৰ জিলাৰ পথালি পাহাৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

শ্বৰিফুল ইছলাম নামৰ যুৱকজনে দেগাৰেৰে হানি-খুচি হত্যা কৰে মহম্মদ আলী নামৰ ৫০ বছৰীয়া লোক জনক। দুয়োৰে ঘৰ নাওবৈচাৰ ২ নং কেহুতলি। জানিব পৰা মতে, দুয়ো বান্দৰদেৱাত কৰ্মৰত হৈ আছিল।

ইফালে, পৰিয়ালৰ লোকে জানিব দিয়া মতে যোৱা নিশা জোৱায়েক আৰু শহুৰেকৰ মাজত পাৰিবাৰিক কন্দলৰ কাৰণে এই ঘটনা সংঘটিত হয়। ঘটনাস্থলীত বিহপুৰীয়া আৰু বান্দৰ দেৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে।

আনহাতে, হত্যাকাৰী শ্বৰিফুল ইছলামক বিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লালুক আৰক্ষীক হস্তান্তৰ কৰিছে। আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ পাছতহে পোহৰলৈ আহিব সকলো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply