অ'এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আটছা Credit: ইষ্ট ম'জ'

নাজিৰা: নাজিৰাত বুধবাৰে অ’এনজিচিৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা।চাহ বাগান উচ্ছেদ কৰাত অ’এনজিচিৰ বিৰুদ্ধে তিনিঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চৰাইদেউ আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত নাজিৰাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম অ’এনজিচিৰ মুখ্য সম্পদৰ কাৰ্য্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই বুধবাৰে ৰূপায়ন কৰে তিনিঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী।

শিৱসাগৰৰ ভিন্ন প্ৰান্তত থকা চাহ বাগিছাসমূহত তেল আৰু প্ৰাকৃতিক গেছ নিগম অ’এনজিচিয়ে দীৰ্ঘদিন ধৰি চাহ গছ সমূহ উচ্ছেদ কৰি উক্ত স্থানত তৈলক্ষেত্ৰ স্থাপন কৰি চাহ অধ্যোষিত অঞ্চললৈ চৰম ভাবুকি কঢ়িয়াই অনাত এতিয়া অ’এনজিচিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা।অন্যহাতে ক্ষতিগ্ৰস্ত হোৱা প্ৰতিজন চাহ জনগোষ্ঠী পৰিয়ালক তৎকালীন ভাৱে এককালীন আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপন দিবলৈ অ’এনজিচিক দাবী জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থাই।

ইয়াৰ উপৰিও চাহ জনজাতিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ নিযুক্তি আৰু সংস্থাপনৰ বাবে অ’এনজিচি ত ৩০% আসন সংৰক্ষণ কৰাৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। অ’এনজিচিৰ বিৰুদ্ধে সৰৱ হৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই অ’এনজিচি কৰ্তৃপক্ষক সাতটাকৈ বিভিন্ন দাবী সম্বলীত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।অ’এনজিচি হায় হায়,অ’এনজিচি মূৰ্দাবাদ,বিভিন্ন অ’এনজিচি বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ অ’এনজিচি অসম সম্পদৰ মুখ্য কাৰ্য্যালয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply