নিউজ ডেক্স:- কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে যদিও অক্সফ’ৰ্ডৰ কৰ’না ভেকচিন কোভিছিল্ডে এতিয়াও ভেকচিনৰ আৱন্টন লাভ কৰা নাই ছেৰাম ইনষ্টিটিউটে।
ভাৰতত অক্সফ’ৰ্ড আৰু অ্যষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা ভেকচিন আনিছে ছেৰামে। ছেৰামৰ প্ৰতিষ্ঠাতা আদৰ পুনাৱালাই জনোৱা মতে “এতিয়াও ক্ৰয়ৰ অৰ্ডাৰ লাভ কৰা নাই। চৰকাৰে সেইটো মুকলি কৰি দিলে সাত-দহদিনৰ ভিতৰতেই যথাস্থানত ভেকচিন গৈ পাব |”
পুনাৱালাই জানিবলৈ দিয়ে যে প্ৰাথমিকভাৱে তেওঁলোকে চৰকাৰক প্ৰতিটো ভেকচিনৰ ড’জ ২০০টকা দৰত দিব। প্ৰথম ১০ কোটি ড’জ এই দৰত দিব বুলিও কয়।
ছেৰামৰ মুৰব্বী গৰাকীয়ে লগতে কয় যে চৰকাৰে অনুমতি দিয়াৰ পাছত মুকলি বজাৰত এইটো বিক্ৰী কৰা হ’ব আৰু ইয়াৰ দৰ এহেজাৰ টকা পৰ্যন্ত হ’ব পাৰে।
বৰ্তমান ছেৰামে প্ৰায় ৫ কোটি ভেকচিনৰ ড’জ জমা ৰখাৰ কথাও সদৰী কৰে পুনাওৱালাই। চৰকাৰে প্ৰথমতে ১০ কোটি ড’জ ল’ব। মাৰ্চ-এপ্ৰিলৰ পূৰ্বে মুকলি বজাৰত ইয়াক বিক্ৰীৰ অনুমতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে |
সদ্যহতে কেন্দ্ৰ চৰকাৰে ভেকচিনৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি থৈছে | ছেৰামে বিশ্ব স্বাস্থ্য সংস্থাৰ কোভাক্স প্ৰকল্পলৈ ১০কোটি ড’জ প্ৰেৰণ কৰিব। অৱশ্যে, ইয়াৰ বাবে চৰকাৰৰ অনুমতি লাগিব বুলিও তেওঁ জানিবলৈ দিয়ে।