গুৱাহাটী: অখিল গগৈৰ জামিন নাকচ কৰিছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে অখিল গগৈৰ জামিন । ন্যায়ধীশ কল্যান ৰায় চোৰানা আৰু অজিত বৰঠাকুৰৰ আদালতে দিলে এই ৰায় | কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ । নিয়াৰ প্ৰথমটো গোচৰৰ জামিন নাকচ ।
যোৱা ১৭ ডিচেম্বৰত অন্ত পৰিছিল শুনানি প্ৰক্ৰিয়া। উচ্চ ন্যায়ালয়ত অখিল গগৈৰ হৈ যুক্তি দৰ্শাইছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল দেশৰ Additional Solicitor General এছ কে ৰাজুৱে।
আন বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন পালে, কিন্তু UAPAৰ গোচৰত তেওঁ এতিয়াও জামিন পোৱা নাই আৰু সেয়ে তেওঁ কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। অখিলৰ বিৰুদ্ধে Unlawful Activities Prevention Actৰ দফা ১৮ আৰু ৩৯ৰ অধীনত গোচৰ ৰুজু কৰিছিল NIAই। অভিযোগনামাত দুজন পৰিচয় গোপনে ৰখা সাক্ষীৰ ভাষ্যৰ ভিত্তিত অখিল গগৈ আৰু তেওঁৰ সংগঠনৰ মাওবাদী সন্ত্ৰাসবাদীৰে সংযোগ থকাৰ কথা কোৱা হৈছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত তেওঁ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দি দেশৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছিল বুলিও অভিযোগনামাত উল্লেখ কৰা হৈছে ।