যোৰহাট – অসুস্থতাৰ বাবে কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক কালি তৎকালীনভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে বিগত তিনি দিন ধৰি জ্বৰ আৰু কাঁহত ভুগি আছিল আৰু ক্ৰমাত যথেষ্ট দুৰ্বল হৈ পৰিছিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ।
কালি নকছাৰিত ৰেপিড টেষ্ট কৰিছিল যদিও ক’ৰোণা নিগেটিভ আহে আৰু বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকে নিৰীক্ষণ কৰি আছে প্ৰিয়দা গগৈক।