জুৰীয়া – অখিল গগৈৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। জুৰীয়াত ৰাইজৰ দলৰ উদ্যোগত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অখিল গগৈক মুক্তি দিয়ক ধ্বনিৰে উত্তাল জুৰীয়া আকাশ-বতাহ।
“কা” আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা কৃষক নেতা অখিল গগৈ বিগত এবছৰ ধৰি কাৰাবন্দী। ২০১৯ চনৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ চলি থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ মুক্তি জামিন নাকচ কৰে।
বৰ্তমান কৃষক নেতা অখিল গগৈৰ জানিম বিচাৰি অখিল গগৈৰ অধিবক্তাই উচ্চ ন্যায়ালৰ কাষ চাপিছে যদিও অখিল গগৈৰ মুক্তিৰ দাবীত অখিল গগৈৰ সমৰ্থক সকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। সোমবাৰে নগাঁও জিলাৰ জুৰীয়াত ৰাইজৰ দলে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
জুৰীয়াস্থিত ৰূপহী ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগণত ৰাইজৰ দলে অখিল গগৈৰ মুক্তি দাবী জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ৰাইজৰ দলৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অখিল গগৈৰ মুক্তিৰ দাবী সম্বলিত প্লেকাৰ্ড প্রদর্শন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰী সকলে অখিল গগৈ জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক, বিজেপি মূর্দাবাদ ধ্বনিৰে ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ প্ৰাংগণত উত্তাল কৰি তোলে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ৰাইজৰ দলৰ নেতা নজৰুল ইছলামেও অংশগ্ৰহণ কৰে।
উল্লেখ্য যে শনিবাৰে গুৱাহাটী মহানগৰীত অখিল গগৈৰ সমৰ্থক সকলে অখিল গগৈৰ মুক্তিৰ দাবীত এক প্ৰতিবাদী সমদল উলিওৱাৰ চেষ্টা চলাইছিল। সমদল উলিওৱাৰ অনুমতি নথকাৰ বাবে আৰক্ষীয়ে ১৭ গৰাকীকৈ অখিল গগৈৰ সমৰ্থক আটক কৰিছিল।