নিউজ ডেস্ক : গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ।কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত |
প্ৰতিবাদ কাৰীয়ে জানিবলৈ দিয়া মতে, বিজেপি চৰকাৰ অহাৰে পৰা সাম্প্ৰদায়িক ফেচিবাদী কামকাজেৰে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থালৈ অমানিশা কঢ়িয়াই আনিছে । বিজেপি চৰকাৰ খনে এবছৰ ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছে অখিল গগৈক । চৰকাৰ খনে ফেচিবাদী কায়দাৰে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে । কা আমি কেতিয়াও নামানো আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী ছাত্ৰসকলে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে |