গুৱাহাটী– ‘অখিল গগৈক মাওবাদীৰ সৈতে থকা সম্পৰ্ক আৰু এই সংগঠনৰ কাম কাজ অসমলৈ অনাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। কা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই’ এই বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অখিলৰ বিৰুদ্ধে NIA ৰ গোচৰ মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ বাবে চলাইছে বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে নিয়া ৰ চাৰ্জশ্বীটত কি আছে সেই কথাও ৰাজহুৱাকৈ জনাই। চন্দ্ৰপুৰত সংবাদমাধ্যমৰ আগত কয় ‘নিয়া’ ৰ চাৰ্জশ্বীটত তেওঁলোকে এই ল’ৰাজনে মাওবাদীৰ প্ৰশিক্ষণ ল’বৰ বাবে কিদৰে ল’ৰা পঠিয়াইছিল বা কিধৰণে তেওঁলোকে প্ৰশিক্ষণ লৈ ঘূৰি আহি অসমত মাওবাদী আন্দোলন আৰম্ভ কৰিছিল সেইবোৰ কথা উল্লেখ আছে।‘
মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘কোনোবা মানুহক জেইলত থৈ আমি ৰাজনীতি নকৰো। জেইলত থকা- নথকাৰ সিদ্ধান্ত আদালতে ল’ব তাৰ লগত ৰাজনীতিৰ কথা নাই। অখিল গগৈৰ গ্ৰেপ্তাৰ কোনো ৰাষ্ট্ৰদ্ৰোহৰ কাৰণে হোৱা নাই বা ‘কা’ আন্দোলন সমৰ্থন কৰাৰ বাবে হোৱা নাই।‘
তেওঁৰ দোষী- নিৰ্দোষীৰ বিষয়টো আইন আৰু আদালতে চাব বুলি মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।