অখিল গগৈ জেলৰ পৰা ওলাই আহিলে আৰম্ভ হ'ব ছুনামি - কমল মেধি

নগাঁও – অখিল গগৈ জেলৰ পৰা ওলাই আহিলে অসমত আৰম্ভ হ’ব ৰাজনৈতিক ছুনামি। কাৰাবন্দী কৃষক নেতা অখিল গগৈ সন্দৰ্ভত কমল মেধিৰ মন্তব্য। নগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী খৰ্গেশ্বৰী বৰাৰ “অখিল ইজ ….এক আনুষঙ্গিক” উন্মোচন অনুষ্ঠানত উপস্থিত থাকি কমল মেধিৰ মন্তব্য।

“কা” আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা কৃষক নেতা অখিল গগৈ বিগত এবছৰ ধৰি কাৰাবন্দী। অখিক গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থাকৰ মাজতে কমল মেধিয়ে অখিল গগৈৰ মুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় “অখিল গগৈ অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিব বুলি আমি আশাবাদী। অখিল গগৈ আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো আমাৰ দাবী”।

সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী খৰ্গেশ্বৰী বৰাৰ “অখিল ইজ….এক আনুষঙ্গিক” নামৰ গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য প্ৰদান কৰে উন্মোচক কমল মেধিয়ে। গল্পকাৰ শিৱানন্দ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply