নিউজ ডেস্ক: অজগৰৰ দৰে সৰু দলবোৰক গিলি পেলাবলৈ চেষ্টা কৰা বুলি বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে তোলা অভিযোগ বোৰ যেন সঁচা কৰিবলৈ উঠি পৰি লাগিছে শাসকীয় দলৰ নেতাসকলে ৷ বিজেপিৰ নেতাসকলে মিত্ৰদল অগপৰ দখলত থকা আসনবোৰ নিজৰ হাতলৈ নিবৰ বাবে কৰি অহা চেষ্টা সমূহ এতিয়া বহিপ্ৰকাশ কৰিছে দলৰ জ্যেষ্ঠ নেতাসকলে৷
কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তর্গত দগাঁৱত অনুষ্ঠিত পৃষ্ঠাপ্ৰমুখসকলৰ সভাত অংশ লৈ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয়, “এইবাৰ কমলপুৰ সমষ্টিত ভূমিকম্প হ’ব ৷ কমলপুৰ সমষ্টিৰ বিজেপিৰ কার্যকর্তাসকলে এইবাৰ সমষ্টিটো কোনো কাৰণতে আনক এৰি নিদিয়ে৷”
আনহাতে, পৰৱর্তী সময়ত চৰকাৰী আঁচনি ৰূপায়ণৰ বাবে হিতাধিকাৰী পৃষ্ঠাপ্রমুখসকলে নির্বাচন কৰিব বুলিও মত আগবঢ়ায় সাংসদগৰাকীয়ে ৷
বৰ্তমান সময়ত অগপৰ দখলত থকা কমলপুৰ সমষ্টিত বিজেপিৰ পৃষ্ঠাপ্রমুখ সন্মিলনত কমলপুৰ বিজেপিয়ে বিজয় উৎসৱ সদৃশ পৰিস্থিতি সৃষ্টি কৰে৷ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াসহ কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে৷ মিত্ৰদল অগপৰ সৈতে কেন্দ্ৰীয় নেতৃত্বই আসন ভাগ বটোৱাৰাক লৈ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ক্ষমতাত বলীয়ান এইসকল নেতাৰ এনে মন্তব্যই দুয়োটা দলকে ক্ষতি কৰাৰ সম্ভাবনাই অধিক৷