নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰাক্তন ডেপুটি মেয়ৰ বলেন ভৰালীৰ Credit: প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্থ হোৱা দলটো হৈছে অসম গণ পৰিষদ | ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দলটোৰ বহুজন নেতা কৰ্মকৰ্তাই দল এৰি আন দললৈ ঢাপলি মেলিছে | এইবাৰ অসম গণ পৰিষদক আঘাত হানী শীৰ্ষ নেতা তথা প্ৰাক্তন ডেপুটি মেয়ৰ বলেন ভৰালীয়ে পদত্যাগ কৰে। এক পত্ৰ যোগে নিজৰ পদত্যাগৰ কথা সদৰি কৰিলে নেতাগৰাকীয়ে।

জন্মলগ্নৰে পৰা অসম গণ পৰিষদ তথা অগপৰ সৈতে জড়িত থকা বলেন ভৰালীয়ে দিয়ে পদত্যাগ পত্ৰ। লগতে আন এগৰাকী নেতা অগপৰ জন্মলগ্নৰে থকা গিৰিন তালুকদাৰেও পদত্যাগ কৰে।

পদত্যাগ কৰিয়েই প্ৰাক্তন ডেপুটি মেয়ৰ বলেন ভৰালীৰ মন্তব্য- ‘অগপ এতিয়া দুজন ব্যক্তিৰ প্ৰাইভেট কোম্পানী’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply