অগপ পৰা পদত্যাগ পবীন্দ্ৰ ডেকাৰ

গুৱাহাটী– অসম গণ পৰিষদ পৰা পদত্যাগ দলটোৰ জ্যেষ্ঠ নেতা তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ। উল্লেখ্য যে বিগত কিছু দিনৰ পৰা অগপ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ ব্যক্ত কৰি আহিছিল পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে। আনকি চৰ্চা হৈছিল যে, পাটাচাৰকুছি সমষ্টিতো এইবাৰ অগপই বিজেপিক এৰি দিব। এই চৰ্চা তীব্ৰতৰ হোৱাৰ লগে লগে একপ্ৰকাৰৰ মুকলি বিদ্ৰোহত নামিছিল পবীন্দ্ৰ ডেকা।

ৰাজনৈতিক মহলত চৰ্চা হৈছে যে, অগপৰ জন্মলগ্নৰে পৰা থকা আঞ্চলিকতাবাদী নেতা পবীন্দ্ৰ ডেকাৰ দলত্যাগ অগপৰ বাবে এক মোক্ষম আঘাত। উল্লেখ্য যে, বুধবাৰে পবীন্দ্ৰ ডেকাই অসম জাতীয় পৰিষদত যোগদান কৰিব।

শিৱসাগৰত হ’বলগীয়া অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ যোৱাৰ আগতে অগপ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক ডেকাই | দলীয় নেতৃত্বৰ বিৰুদ্ধে অভিযোগ কৰি বিধায়ক ডেকাই কয়,

‘জাতিধ্বংসী ‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই বিধায়ক হোৱাৰ পিছতো মোক বিধায়িনী দলৰ সভালৈ আমন্ত্ৰণ কৰা নাছিল’ ‘কা’ৰ বিৰোধিতা কৰাটো অগপৰ সৰ্বসম্মত সিদ্ধান্ত আছিল। সেয়ে জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তেওঁ কা আইনখনক সদায়েই বিৰোধিতা কৰি যাব বুলিও কয়।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply