নিউজ ডেস্ক – বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ঘোষণা কৰে যে এয়াই তেওঁৰ শেষ নিৰ্বাচন।

পুৰ্ণিয়াৰ এখন নিৰ্বাচনী সভাত অংশ লৈ এই কথা ঘোষণা কৰে এন ডি এ প্ৰাৰ্থী গৰাকীয়ে।

‘সকলোৱে জানি লওঁক আজিয়েই নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন ।পৰহিলৈ নিৰ্বাচন আৰু আজিয়েই মোৰো নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন ।’

মুখ্যমন্ত্ৰী গৰাকীৰ এই ঘোষণাৰ পিছতেই লোক জনশক্তি দলৰ নেতা চিৰাগ পাছৱানে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় জনতা দলৰ সন্মুখত হাৰ মানিছে ।

বিহাৰৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সাত নৱেম্বৰত সম্পন্ন হ’ব আৰু ফলাফল ঘোষণা কৰা হ’ব নৱেম্বৰ ১০ তাৰিখে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply