নগাঁও – অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ। বিজেপি চৰকাৰে আইন-আদালত একো নমনা হৈছে যদিও আমাৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে। অখিল গগৈ জেলৰ পৰা ওলাই আহি সকলো আঞ্চলিকতাবাদ শক্তিক একত্ৰিত কৰিব। নগাঁৱত বিজেপিক তীব্ৰ আক্ৰমণ চলাই এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাৰ।
“কা” বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা কৃষক নেতা অখিল গগৈ প্ৰায় এবছৰ ধৰি কাৰাবন্দী হৈ আছে। অখিল গগৈ কেতিয়া মুক্তি লাভ কৰিব ? অখিল গগৈৰ মুক্তিৰ খবৰৰ বাবে অখিল গগৈৰ প্ৰতি গৰাকী অনুৰাগী অপেক্ষাত। অখিল গগৈৰ মুক্তিৰ অপেক্ষাত থকা সকলৰ বাবে আহিছে অখিল গগৈৰ মুক্তিৰ খবৰ।
প্ৰায় এটা বছৰে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ অতি শীঘ্ৰেই আহিব মুকলি আকাশৰ তললৈ। মঙলবাৰে নগাঁৱত অখিল গগৈৰ মুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাই। ৰাজু বৰাই কয় যে “বিজেপি চৰকাৰখনে আইন-আদালত নমনা হৈছে। আমাৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে আৰু অতি কম সময়ৰ ভিতৰতে অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি মুকলি আকাশৰ তলত আহিব”।
ৰাজু বৰাই লগতে কয় যে মুকলি আকাশৰ তললৈ আহি অখিল গগৈ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। কৃষক নেতা অখিল গগৈয়ে শিৱসাগৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই অধিক বুলিও মন্তব্য কৰে ৰাজু বৰাই। অখিল গগৈ কাৰাগাৰৰ পৰা ওলাই আহি সকলো অঞ্চলিকতাবাদ শক্তিক একত্ৰিত কৰি এজন শক্তিশালী অঞ্চলিকতাবাদত বিশ্বাসী ব্যক্তিক ২০২১ চনত দিছপুৰৰ গাদীত বহুৱাব বুলিও মন্তব্য কৰে ৰাজু বৰাই।
মঙলবাৰে ৰাইজৰ দলৰ নগাঁও সদৰ সমষ্টি কমিটি গঠনৰ উদ্দেশ্যে আয়োজিত এক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈৰ লগতে ৰাইজৰ দল সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজু বৰাই। নগাঁও পেঞ্চন ভৱনত অনুষ্ঠিত হোৱা সভাত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয়।