নিউজ ডেস্ক- বলীউদ অভিনেত্ৰী দিয়া মিৰ্জাই শনিবাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে দ্বিতীয় স্বামী বৈভৱ ৰেখীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা মূহুৰ্তৰ কেইখনমান ফটো। ফটো কেইখনৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে গৌতম বুদ্ধৰ এটা বাণী। ”অতীত যিমানেই কঠিন নহওক কিয়, আপুনি সদায় পুনৰ আৰম্ভ কৰিব পাৰে।”
পূৰ্বৰ স্বামীৰ সৈতে অভিনেত্ৰী গৰাকীৰ হয় বিবাহ বিচ্ছেদ। ২০১৯চনতে ছাহিল ছাংঘাৰ সৈতে বিবাহ বিচ্ছেদ ঘটে দিয়াৰ। ইয়াৰ পাছতেই অভিনেত্ৰী গৰাকীয়ে পুনৰ নিজৰ জীৱনটোক নতুনকৈ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়।

যোৱা ১৫ ফেব্ৰুৱাৰীত দিয়া মিৰ্জাই ব্যৱসায়ী বৈভৱ ৰেখীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। উল্লেখ্য় যে বৈভৱ ৰেখীয়ো পূৰ্বৰ পত্নী সুনেইনা ৰেখীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। তেওঁলোকৰ এগৰাকী কন্যা সন্তানো আছে।