অতুল বৰাই কংগ্রেছৰ "অসম বচাওঁ আহক" যাত্রাৰ সমালোচনা কৰাটো হাস্যকৰ : প্ৰদেশ কংগ্ৰেছ Credit: মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

গুৱাহাটী – মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। এক প্ৰেছ বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি কয় যে “নাগপুৰৰ হিন্দুত্ববাদীৰ হাতত আঞ্চলিকতাবাদ বন্ধকত দিয়া ভুৱা আঞ্চলিকতাবাদী অতুল বৰাই কংগ্রেছৰ “অসম বচাওঁ আহক ” যাত্রাৰ সমালোচনা কৰাটো হাস্যকৰ।

আগন্তুক বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ দলৰ নেতৃত্বত ৬ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বত গঠন হোৱা মহাজোঁট আৰু ইয়াৰ পৰৱর্তী পর্যায়ত কংগ্রেছ দলৰ নেতৃত্বত ৰাজ্যজুৰি আৰম্ভ হোৱা “অসম বচাওঁ আহক” শীর্ষক যাত্রাৰ প্ৰতি অসমবাসী ৰাইজৰ ব্যাপক সঁহাৰি দেখি বিজেপি দলৰ লগতে তেওঁলোকৰ পৰম মিত্র ভুৱা আঞ্চলিকতাবাদী তথা মন্ত্রী অতুল বৰা দৰে নেতাৰ নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ ভয়ত আবোল-তাবোল বলকিবলৈ আৰম্ভ কৰিছে বুলিও প্ৰেছ বিবৃতিত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছে কয় যে বিজেপি আৰু অতুল বৰাই ভৰিৰ তলৰ মাটি হেৰুৱাৰৰ জ্বলন্ত প্ৰমাণ হৈছে কংগ্রেছ দলৰ “অসম বচাওঁ আহক “শীর্ষক যাত্রা সম্পর্কে বিজেপি দল, চৰকাৰ আৰু অতুল বৰাৰ দৰে নেতাই কৰা নানান অপব্যাখ্যা আৰু অপপ্ৰচাৰ।

বিজেপি দল বা অতুল বৰাৰ দৰে ভুৱা আঞ্চলিকতাবাদী তথা ক্ষমতা সৰ্বস্ব ৰাজনীতিকে যিমানেই অপপ্ৰচাৰ নকৰক কিয় অসমবাসীয়ে ইতিমধ্যে মিত্রজোঁটৰ চৰকাৰৰ সকলো বাকী-ফাকি, প্ৰতাৰণা বুজি উঠিছে। অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনত বহা মিত্রজোঁটৰ চৰকাৰে যে ওলোটাই সকলো বিক্ৰী কৰিবলৈহে আগভাগ লৈছে সেই কথা অসমবাসীয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিছে। গতিকে এই যাত্রাৰ অপব্যাখ্যা আৰু অপপ্ৰচাৰ কৰি অতুল বৰাৰ দৰে নেতা ৰাইজৰ সন্মুখত প্ৰকৃততে হাঁহিয়াতৰ পাত্ৰহে হৈছে বুলিও উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছে।

মিত্রজোঁটৰ চৰকাৰৰ একমাত্র কৰ্মসূচী হৈছে ভুৱা প্ৰতিশ্ৰুতি, বিজ্ঞাপন, হিতাধিকাৰীৰ সৃষ্টি আৰু পৰিকল্পনা হৈছে আধাৰশিলা আৰু ভূমি পূজন।এই চৰকাৰৰ সফলতা হৈছে পৰৰ পিঠাৰে বিহু পতা বুলিও মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছে বৰ্তমানৰ চৰকাৰকখনক তীব্ৰ সমালোচনা কৰে। অতুল বৰাই কংগ্রেছ দলৰ ইতিহাস খুচৰাৰ বিপৰীতে নিজৰ দলৰ চুটি ইতিহাসকে অধ্যয়ন কৰক। কংগ্ৰেছে অতুল বৰাক প্ৰত্যাহ্বান জনাই কয় যে অতুল বৰাই উত্তৰ দিয়ক কোন দলৰ চৰকাৰ কেন্দ্র আৰু ৰাজ্যত থাকোতে অসমৰ চৌদিশে গুপ্তহত্যাৰ পাতনি মেলা হৈছিল? কোন দলৰ চৰকাৰৰ দিনত চৰকাৰী কৰ্মচাৰীয়ে মাহৰ মূৰকত দৰমহা নাপাই আত্মহত্যা কৰিবলগীয়া হৈছিল? কাৰ দিনত অসমৰ অৰ্থনৈতিক পৰিকাঠামো ভাঙি বিধ্বস্তপ্ৰায় হৈছিল?

অসম চুক্তি ৰূপায়ণৰ দাবীত আন্দোলন কৰি কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়িল সেই অসম চুক্তিৰ অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তিবৰ্ষৰ আত্মাকে হত্যা কৰা “কা” আইন সমৰ্থন কৰা বিজেপিৰ সৈতে কোনটো নাক আৰু বিবেকেৰে তেওঁ ক্ষমতাৰ জুতি লৈ আছে বুলিও অতুল বৰাক প্ৰশ্ন কৰে কংগ্ৰেছ দলে। কোনে ক্ষমতাৰ স্বাৰ্থত অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰাত নাগপুৰীয়া হিন্দুত্ববাদী সকলক সহায়ৰ হাত আগবঢ়াই পদলেহনকাৰীলৈ পৰ্যবেক্ষিত হৈছে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছে। সুবিধাবাদ আৰু নীতি-আদৰ্শহীন ৰাজনীতিৰো এটা সীমা থকা উচিত। গতিকে অতুল বৰাৰ দৰে এজন নীতি-আদৰ্শহীন, সুবিধাবাদী আৰু ভুৱা আঞ্চলিকতাবাদী নেতাই কংগ্রেছ দলৰ নীতি-আদৰ্শ, কৰ্মসূচী, পৰিকল্পনা আৰু ইতিহাসৰ অপব্যাখ্যা কৰিবলৈ মৰসাহ কৰাৰ পৰিৱর্তে প্ৰথমে নিজৰ গাত চিকুট মাৰি চাওক আৰু “কা” সন্দৰ্ভত নিজৰ স্থিতি ৰাজহুৱাকৈ স্পষ্ট কৰক বুলিও প্ৰদেশ কংগ্ৰেছে প্ৰত্যাহ্বান জনায় মন্ত্ৰী অতুল বৰাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply