গুৱাহাটী – অতি শীঘ্ৰে পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা। অনলাইন টিকট সংগ্ৰহ কৰি পৰ্যটক আহিব পাৰিব চিৰিয়াখানালৈ। পৰ্যটকক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুত হৈছে চিৰিয়াখানাৰ কৰ্তৃপক্ষ। চিৰিয়াখানা পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটক সকলে মানি চলিব লাগিব কিছুমান নীতি-নিৰ্দেশনা।

নতুন বছৰৰ প্ৰথমটো দিনা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা। ইতিমধ্যে চিৰিয়াখানাৰ কৰ্তৃপক্ষই পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণ কৰি তুলিছে সকলো প্ৰস্তুতি। প্ৰতি বছৰে জানুৱাৰী মাহৰ ১ তাৰিখে অসম ৰাজ্যিক চিৰিয়াখানাত ভিৰ কৰা পৰিলক্ষিত হয় হাজাৰ হাজাৰ পৰ্যটকৰ। আগন্তক নতুন বছৰৰ প্ৰথম দিনটোৰ প্ৰতি লক্ষ্য ৰাখি চিৰিয়াখানা কৰ্তৃপক্ষই ৯ মাহৰ পিছত পুনৰ পৰ্যটকৰ বাবে চিৰিয়াখানা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ বাবে যোৱা মাৰ্চ মাহৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছে চিৰিয়াখানা। ইয়াৰ মাজতে নতুন বছৰৰ জানুৱাৰী মাহৰ ১ তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব চিৰিয়াখানা। শীতৰ আগমনৰ লগে লগে আৰম্ভ হয় চিৰিয়াখানালৈ পৰ্যটকৰ সোঁত। দেশ-বিদেশৰ বহু পৰ্যটকৰ লগতে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যৰ পৰা অসম ভ্ৰমণলৈ অহা পৰ্যটক সকলে গুৱাহাটী মহানগৰীলৈ আহি এবাৰ পৰিদৰ্শন কৰি যাব বিচাৰে চিৰিয়াখানা।

চলিত বছৰত বর্তমানলৈকে কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে অসমলৈ অহা পৰ্যটকৰ সংখ্যা পূৰ্বৰ বছৰ সমূহৰ তুলনাত যথেষ্ট কম যদিও শীতৰ আগমনৰ লগে লগে অসমৰ মনোমোহা প্ৰকৃতিক পৰিৱেশ, সেউজীয়া পাহাৰ আৰু বনাঞ্চল সমুহৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ কিছু পৰ্যটক অসমলৈ অহা পৰিলক্ষিত হৈছে। বৰ্তমানলৈকে আহ পৰ্যটক সকলৰ চিৰিয়াখানা পৰিদৰ্শন কৰাৰ শুভাগ্য হোৱা নাই যদিও জানুৱাৰী মাহৰ পৰা পৰ্যটক সকলৰ ভাগ্য উদয় হ’ব চিৰিয়াখানা পৰিদৰ্শন কৰাৰ।

কৰ’ণা মহানামৰীৰ তাণ্ডৱ অব্যাহত থকাৰ বাবে নতুন বছৰত চিৰিয়াখানা পৰিদৰ্শন কৰা পৰ্যটক সকলৰ বাবে থাকিব বহু নীতি-নিৰ্দেশনা। চিৰিয়াখানালৈ যাওঁ বুলিয়ে পৰ্যটক সকল যাব নোৱাৰিৱ চিৰিয়াখানালৈ। অসম ৰাজ্যিক চিৰিয়াখানাৰ বন বিষয়া তেজস্ব মৰিশ্বামীয়ে চিৰিয়াখানা পৰিদৰ্শন কৰা নীতি-নিৰ্দেশনা সম্পৰ্কে কয় “প্ৰথম কথা চিৰিয়াখানাৰ টিকট কাউন্টাৰত পৰ্যটক সকলে লাভ নকৰে টিকট। চিৰিয়াখানা পৰিদৰ্শন কৰিবলৈ পৰ্যটক সকলে আগতীয়াকৈ আনলাইন যুগে ক্ৰয় কৰিব লাগিব টিকট। দ্বিতীয়তে অতি সীমিত সংখ্যক পৰ্যটকক আনলাইনযোগে প্ৰদনা কৰা হ’ব টিকট। তৃতীয়তে পৰ্যটক সকলে মানি চলিব লাগিব কভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনা”।

চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰতিদিনে কেৱল মাত্ৰ এহেজাৰ পৰ্যটককে চিৰিয়াখানা পৰিদৰ্শন কৰাৰ অনুমতি প্ৰদান কৰিব। চিৰিয়াখানা পৰিদৰ্শন কৰাৰ টিকট লাভ কৰা এই এহেজাৰ পৰ্যটকে মাস্ক ব্যৱহাৰ কৰা অনিবাৰ্য লগতে চিৰিয়াখানাত প্ৰৱেশ কৰাৰ পুর্বে পৰ্যটক সকলক চেনিটাইজ কৰা হ’ব বুলিও জানিবলৈ দিয়ে চিৰিয়াখানাৰ বন বিষয়া তেজস্ব মৰিশ্বামীয়ে।

উল্লেখ্য যে, জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ যথেষ্ট সংখ্যক পৰ্যটকে চিৰিয়াখানা পৰিদৰ্শন কৰিবলৈ আহে। চলিত বছৰৰ জানুৱাৰী মাহৰ ১ তাৰিখে প্ৰায় ১৮ হাজাৰ পৰ্যটকে ভৰি দিছিল চিৰিয়াখানাত আৰু এই পৰ্যটকৰ পৰা চিৰিয়াখানাই সংগ্ৰহ কৰিছিল ২৯ লাখতকৈও অধিক ৰাজহ। এইবাৰ ৰাজহ কমকৈ সংগ্ৰহ হ’ব যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা মানুহক ৰক্ষা কৰাৰ বাবে সীমিত সংখ্যক পৰ্যটককে প্ৰতিদিনে চিৰিয়াখানা পৰিদৰ্শনৰ অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই।

বিগত ৯ মাহে কৰ’ণাৰ বাবে বন্ধ হৈ থকা চিৰিয়াখানা পুনৰ মুকলি হ’লে পৰ্যটক সকলৰ শুভাগ্য হ’ব চিৰিয়াখানাত জিৰাফৰ লগতে বাঘ আৰু সিংহৰ পোৱালি প্ৰত্যক্ষ কৰাৰ। পৰ্যটক সকলৰ চিৰিয়াখানাৰ প্ৰাংগণত জেব্ৰা প্ৰত্যক্ষ কৰাৰ শুভাগ্যও উদয় হ’লেহেতেনে যদি কৰ’ণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ নকৰিলেহেতেন। ইয়াৰ মাজতো যদি সকলো ঠিকে থাকে তেন্তে হয়তো কেংগাৰু প্ৰত্যক্ষ কৰিব পবিব পৰ্যটক সকল।

বন্যপ্ৰাণী সৰবৰাহকাৰীৰ চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰা এটা কেংগাৰু চিৰিয়াখানা কৰ্তৃপক্ষই পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ চিন্তা-চৰ্চা চলাইছে। লকডাউনৰ মাজতে কাছাৰ বন বিভাগে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বহু বন্যপ্ৰাণী। সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বন্যপ্ৰাণী সমূহৰ ভিতৰত আছিল ১ টা কেংগেৰু, ৬ টা হাইচিণ্ট মাকাউ প্ৰজাতিৰ ভাটৌ চৰাই, ৩ টা কাছ আৰু ২ টা কেপ’চিন বান্দৰ।