গুৱাহাটী – অনলাইন ব্যৱসায় কৰা সকল সাৱধান। আপোনাৰ পৰা সামগ্ৰী নিয়াৰ চলেৰে দুৰ্বৃত্তই লুটি নিব পাৰে আপোনাৰ ধন। গুগল পে’ৰে গ্ৰহকক ১ টকা প্ৰেৰণ কৰি ১২ হাজাৰ টকা হেৰুৱালে নলবাৰীৰ দীপক পাঠকে। মিঠাইৰ অর্ডাৰ কৰিছিল দীপক পাঠকক দুষ্ট চক্ৰই। নিজকে সেনা বিষয়া বুলি ফোনত চিনাকি দিছিল মিঠাইৰ অর্ডাৰ দিয়া দুষ্ট চক্ৰৰ সদস্যই।
কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ঘোষণা কৰা লকডাউনৰ পিছতে আৰ্থিকভাৱে জুৰুলা হৈ পৰা নলবাৰীৰ জিলাৰ দীপক পাঠক নামৰ এগৰাকী যুৱকে নিজকে আৰ্থিকভাৱে সবল কৰি তুলিবলৈ সহায় লৈছিল অনলাইন মাৰ্কেটিংৰ। ‘মাৰ্কেট প্লেচ’ নামৰ এক ফেচবুক পেজত দীপক পাঠকে বিজ্ঞাপন দিছিল ঘৰে ঘৰে মিঠাই যোগান ধৰাৰ বাবে।
নিজ ঘৰতে বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰি দীপক পাঠকে বিভিন্ন ঠাইত মিঠাইৰ যোগান দি আছিল। ইয়াৰ মাজতে যোৱা ২৫ ডিচেম্বৰত দীপকৰ মোবাইলত ফোন আহিল ৫০০ লালমোহন বিচাৰি। লালমোহনৰ অৰ্ডাৰ কৰা ব্যক্তি জনে নিজকে সেনাৰ বিষয়া বুলি পৰিচয় দি আজাৰাত লালমোহন যোগান ধৰিবলৈ দীপক পাঠকক অনুৰোধ জনাইছিল।
দীপক পাঠকক লালমোহন আজাৰাত যোগান ধৰাৰ বিনিয়ামত আগতীয়াকৈ ১৫০০ টকা দিয়াৰ বাবে অৰ্ডাৰ দিয়া ব্যক্তি গৰাকীয়ে দীপক পাঠকক গুগল পে’ৰ জৰিয়তে তেওঁৰ বেংকলৈ ১ টকা প্ৰেৰণ কৰিবলৈ কৈছিল। দীপক পাঠকে ব্যক্তি গৰাকীক ১ টকা গুগল পে যোগে ১ টকা প্ৰেৰণ কৰাৰ কিছু সময় পিছতে দীপক পাঠকৰ বেংকৰ পৰা নোহোৱা হয় ১২ হাজাৰ টকা।
বেংকৰ পৰা ১২ হাজাৰ টকা নোহোৱা হোৱাৰ পিছত দীপক পাঠক বেংকলৈ গৈ খবৰ কৰাত সকলো ঘটনা বুজি পায়। দীপক পাঠকে জানিবলৈ দিয়ে যে “১২ হাজাৰ টকা দুষ্ট চক্ৰটোৱে বেংকৰ পৰা নিয়াৰ পিছত তেওঁৰ কেইবাবাৰো দুষ্ট চক্ৰটোক ফোন যোগে যোগাযোগ কৰাৰ চেষ্টা চলায় যদিও বিফল হয়”। দুষ্ট চক্ৰটোৱে তেওঁৰ ফোন ব্লক কৰি থৈছে বুলিও জানিবলৈ দিয়ে দীপক পাঠকে।