গুৱাহাটী-আন এক লজ্জাজনক ঘটনাৰ সাক্ষী হ’ল টীম ইন্ডিয়া | এডিলেইড টেষ্টৰ তৃতীয় দিনাই ঘৰুৱা দল অষ্ট্ৰেলীয়াৰ হাতত আত্মসমৰ্পন কৰিলে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই। প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় দল আউট হয় মাত্ৰ ৩৬ ৰানতেই | খেলৰ মাজতে মহম্মহ শ্বামীয়ে হাতত আঘাতৰ বাবে বেটিং অব্যাহত ৰাখিব নোৱাৰিলে।
এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম ঐতিহাসিক গোলাপী বল টেষ্টত কোহলী ব্ৰিগেডৰ বাবে লজ্জাজনক আছিল। টেষ্ট ইতিহাসত এয়া আছিল ভাৰতৰ এটা ইনিংচত সৰ্বনিম্ন স্কৰ। ইয়াৰ পূৰ্বে ইংলেন্ড বিপক্ষে ১৯৭৪ চনত কৰা ৪২ ৰানেই আছিল ভৰতৰ সৰ্বনিম্ন স্কৰ | এইখন টেষ্ট চীম ইন্ডিয়া ৮ উইকেটত পৰাস্ত হয় |