গুৱাহাটী – গুৱাহাটী বিশিষ্ট ফটো সাংবাদিক অনুপম নাথলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। অনুপন নাথে ‘নীলাচল’ নামৰ সাপ্তাহিক এখনৰ জৰিয়তে প্রথম ফটো সাংবাদিক হিচাপে ১৯৯৫ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল। সেই সময়তে আউটলুক আৰু কেবাখনাে দেওবৰীয়া আলােচনীত নাথে ফটো সাংবাদিকতা কৰিছিল।
পৰৱৰ্তী সময়ত অনুপম নাথ ‘আমাৰ অসম’ত ষ্টাফ ফটোগ্রাফাৰ হিচাপে যােগদান কৰে। ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও সন্মান আহৰণ কৰিবলৈ সক্ষম হােৱা অনুপম নাথে ২০১৭ চনত ‘টাইম’ মেগাজিনত ১০০ জন শ্রেষ্ঠ ফটো সাংবাদিকৰ ভিতৰত অন্যতম হিচাপে নির্বাচিত হৈছিল। বর্তমান এচ’চিয়েটেড প্ৰেছৰ ষ্টাফ ফটো সাংবাদিক হিচাপে অনুপম নাথ কৰ্মৰত।
কভিড-১৯ মহামাৰীৰ সংহাৰৰ সময়ছােৱতি অনুপম নাথে যথেষ্ট সাহসিকতাৰে কেবাখনাে সংবেদনশীল ফটো সংগ্রহ কৰি সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। অসমত গুপ্তহত্যা চলি থকা সময়ত অনুপম নাথে সাহসিকতাৰে গুপ্তহত্যাৰ সাক্ষ্য প্রমাণ প্ৰথমবাৰৰ বাবে নিজৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছিল।
প্রয়াত সাংবাদিক, বিশিষ্ট মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ওপজা দিন অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত অনুপম নাথক এই বঁটা প্ৰদান কৰা হ’ব। পাগ কুমাৰ দাসৰ সতীর্থ সাংবাদিকসকল লগতে পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গয়াে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাত বিশষ ভূমিকা পালন কৰিব।
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এচ’চিয়েটেড প্ৰেছৰ ডিজিটেল আৰ্কাইভত গুৱাহাটীৰ এইগৰাকী প্ৰতিভাবান ফটো সাংবাদিক অনুপম নাথৰ ১৬,০০০ ৰো অধিক ফটো সংৰক্ষিত হৈ আছে।