শিৱসাগৰ- অৰুণাচল প্ৰদেশৰ ডায়ুনৰ পৰা অপহৃত তৈল প্ৰতিষ্ঠানৰ অভিযন্তা শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ আজিও নোলাল সন্ধান |যোৱা বছৰক ২১ ডিচেম্বৰত সন্দেহজনক আলফা স্বাধীন আৰু NSCN (K) ৰ সদস্যই অপহৰণ কৰিছিল অৰুণাচল প্ৰদেশৰ ডায়ুনস্হিত ‘কুইপ’ নামৰ তৈল প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ সহ আন এজন বিষয়া |
শিৱসাগৰ নগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগম আস্থানৰ সমীপৰ হাবিৰাম বৰা পথ নিবাসী প্ৰণৱ কুমাৰ গগৈৰ অপহৰণ কাণ্ডই আজি অতিক্ৰম কৰিলে ১৬ দিন ।ইয়াৰ মাজতে আলফা স্বাধীনে তৈল প্ৰতিষ্ঠানটোৰ পৰা ২০ কোটি টকা মুক্তিপণ হিচাপে দাবী কৰাৰ বিষয়ে প্ৰকাশ পাইছিল তথ্য ।

ইফালে আজিকোপতি প্ৰণৱ গগৈৰ মুক্তি তথা গগৈৰ সন্ধান লাভ নকৰাত উদ্বিগ্ন হৈ পৰিছে প্ৰণৱ গগৈৰ পৰিয়াল । উল্লেখ্য যে, ২১ ডিচেম্বৰ দেওবাৰে সন্ধিয়া অপহৰণৰ পূৰ্বে অভিযন্তা প্ৰণৱ গগৈৰ সৈতে শেষবাৰলৈ ফোনযোগে বাৰ্তালাপ কৰিছিল পত্নী নমিতা গগৈৰ সৈতে ।
পত্নী নমিতা গগৈয়ে কয় “অপহৰণ সংঘটিত কৰা সংগঠন আৰু তৈল প্ৰতিষ্ঠান কুইপ’ কৰ্তৃপক্ষৰ লগতে চৰকাৰক বুজাপৰাৰ মাজেৰে সমস্যাটো সমাধান কৰি প্ৰণৱ কুমাৰ গগৈক জীৱন্তে মুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই আহিছে যদিও আজিও সুফল লাভ কৰা নাই । কুইপ’ কৰ্তৃপক্ষই আলোচনা কৰি আছো বুলি কৈছে | চৰকাৰে এতিয়ালৈকে কোনো যোগাযোগ কৰা নাই আমাৰ সৈতে” |