অপহৃত তেল কোম্পানীৰ বিষয়া প্ৰণৱ কুমাৰ গগৈ

শিৱসাগৰ: একাংশ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ দৰে এতিয়াও মুক্ত হোৱা নাই অপহৃত তেল কোম্পানীৰ বিষয়া দুজন | এতিয়াও আলফা(স্বাঃ)ৰ কবলতে আছে কুইপৰ দুজন অপহৃত বিষয়া | সংবাদমাধ্যমক জনালে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই

কুইপ’ৰে আলোচনা সম্পূৰ্ণ নোহোৱালৈ মুক্তি দিয়া নহ’ব বুলি মন্তব্য কৰিলে পৰেশ বৰুৱাই | দুয়োজন বিষয়াক লৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলালে দায়িত্ব নলয় বুলিও জনালে পৰেশ বৰুৱাই | অসমৰ বিষয়াজনক লৈ বিশেষ চিন্তা কৰিব নালাগে বুলিও জনালে পৰেশ বৰুৱাই |

অৰুণাচলৰ দায়ুনৰ কৰ্মস্থলীৰ পৰা অপহৰণ কৰিছিল কুইপৰ দুই বিষয়াক আলফা স্বাধীনে। কুইপৰ নামৰ তৈল প্ৰতিষ্ঠানত কৰ্মৰত আছিল দুয়ো। অপহৰণৰ সৈতে জড়িত থকা বুলি আলফা স্বাধীন আৰু এনএছচিএন গোট জড়িত থকাৰ কথা প্ৰকাশ পাইছিল।

অৰুণাচলৰ দায়ুনৰ কৰ্মস্থলীৰ পৰা অপহৰণ কৰা হৈছিল দুয়োকে। অপহৃতবিষয়া দুজনৰ নাম প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ। প্ৰণৱ কুমাৰ গগৈৰ ঘৰ শিৱসাগৰত আৰু ৰাম কুমাৰৰ ঘৰ বিহাৰত আছিল |

২২ ডিচেম্বৰত সংঘটিত হৈছিল অপহৰণ কাণ্ড। প্ৰণব গগৈৰ পৰিয়ালে আলফাক মুক্তি দিবৰ বাবে যোৱা সময়চোৱাত বহুবাৰ আহ্বান জনাই আহিছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply