কোকৰাঝাৰ – সন্ধানহীন পুত্ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। প্ৰাক্তন সাংসদ গৰাকীৰ পুত্ৰ অপহৰণ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও ব্যশ্বজিৎ দৈমাৰীয়ে পুত্ৰৰ অপহৰণ হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিলে। মনত কিবা বেজাৰ পাই ঘৰ এৰি গৈছে মোৰ পুত্ৰ বুলি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ।
মঙলাবাৰৰ পৰা সন্ধানহীন হৈ আছে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ ১৬ বছৰীয়া পুত্ৰ। বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী ৰিয়েলিটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। বিশ্বজিৎ দৈমাৰীৰ পুত্ৰৰ অপহৰণ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও পুত্ৰৰ অপহৰণ হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে।
পুত্ৰ সন্ধানহীন হৈ থকা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে কয় যে “তেওঁৰ পুত্ৰৰ অপহৰণ হোৱা নাই, মনত কিবা বেজাৰ পাই ঘৰ এৰি গৈছে পুত্ৰই। ঘৰলৈ উভতি আহিলে গালি দিব বুলি পুত্ৰই ঘৰলৈ অহা নাই চাগে।”
প্ৰাক্তন সাংসদ গৰাকীৰ পুত্ৰক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ নাই বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ। স্কুল চৌহদৰ পৰাই সন্ধানহীন হৈছিল অমিতৰাজ দৈমাৰী।