নিউজ ডেস্ক: কৃষি আইন বাতিলৰ বাবে প্ৰায় দুমাহ দিল্লীৰ ৰাজপথত আন্দোলনৰত কৃষকে আজি দিল্লীত উলিওৱা ট্ৰেক্টৰ সমদল হিংসাত্মক দিশে গতি কৰা দেখা গৈছে। সমদলৰ বাবে নিৰ্ধাৰিত পথৰ পৰা বিচ্যুত হোৱা একাংশ কৃষকে চেন্ট্ৰেল দিল্লীৰ আই টি অ’ত এখন ৰাজপথ অৱৰোধ কৰি ৰখাই থোৱা খালী বাছত আক্ৰমণ কৰে। ইয়াৰ পিছতে আৰক্ষীৰে খণ্ডযুদ্ধ হয়।
কিছু সময় পিছত পৰিস্থিতি শাম কাটে যদিও লালকিল্লা অভিমুখে গতি কৰি কৃষকে লালকিল্লাত পতাকা উৰুৱাই লালকিল্লাত জুম বান্ধে। হাতত লাঠী-ৰড-ডেগৰ লৈ অহা কৃষকৰ লগত আৰক্ষীয়ে হতাহতি লিপ্ত হয় ।
দিল্লীৰ কৃষকৰ টেক্টৰ ৰেলীত এগৰাকী কৃষকৰ মৃত্যু । আইচিঅ’ৰ ওচৰৰ ডিডিইউ মাৰ্গত মৃত্যু হৈছে কৃষক গৰাকীৰ । আৰক্ষীয়ে কোৱা অনুসৰি অধিক দ্ৰুত ভাবে টেক্টৰ চলোৱা বাবে টেক্টৰ দুৰ্ঘটনাত পতিত হৈছিল । ইফালে কৃষকে ডিডিইউ মাৰ্গৰ সমীপত গ্ৰহন কৰিছে প্ৰতিবাদী কাৰ্যসূচী । কৃষকে দাবী কৰিছে যে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত গুলি চলাইছে । অস্থায়ী ভাবে স্থগিত ৰখা হৈছে ইন্টাৰনেট সেৱা

সংযুক্ত কৃষান মৰ্চাই দিল্লীত হোৱা হিংসাত্মক ঘটনাক লৈ মন্তব্য প্ৰকাশ কৰিছে | কৃষক মৰ্চাই এই হিংসাত্মক কাৰ্যৰ সৈতে তেওলোক জড়িত নহয় বুলি স্পষ্ট কৰিছে |ৰাকেশ টিকাইটৰ মন্তব্য “যিসকলে অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আমি সেই লোকসকলক জানো। তেওঁলোকক চিনাক্ত কৰা হৈছে। সংঘৰ্ষত লিপ্ত হোৱা লোকসকল ৰাজনৈতিক দলৰ লোক, যিয়ে আন্দোলনটো বেয়া কৰিবলৈ চেষ্টা কৰি আছে” |