নিউজ ডেক্স: আজিৰ যুগত এখন ব্যতিক্ৰমী গাঁও | গাঁও খনৰ কাৰ্যকলাপক লৈ চৰ্চা সৰ্বতে | গাঁও খনৰ কথা মনলৈ আহিলে সন্দেহ হয় সঁচাকৈয়েই নে | ১৭৮ বছৰ গৰকা এখন অপৰাধমুক্ত গাওঁ। এই গাওঁখন আছে অসমতে | লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ প্ৰায় তিনি কিলোমিটাৰ নিলগত আছে এই গাঁও খন | শুনিলে সাধু সাধু লগা কথাবোৰে সকলোকে আকৰ্ষিত কৰিছে |

অসমৰে এখন গাঁও খনৰ বিশেষত্ব হ’ল গাঁও খনত আজিলৈকে কোনো অপৰাধজনিত ঘটনা হোৱা নাই | নাৰায়ণপুৰ নগৰৰ পৰা উত্তৰ-পূৱ দিশলৈ প্ৰায় তিনি কিলোমিটাত নিলগত অৱস্থিত সেই বিশেষ গাঁওখনেই হৈছে “বৰখামতি গাঁও”। ১৮৪২ চনৰ পৰা গাঁও হিচাবে থকা গাঁওখনৰ কোনো ব্যক্তিয়েই আজিলৈকে গচকি পোৱা নাই থানাৰ চৌহদ ।

বৰখামতি গাঁও

অসমৰ এটা পুৰণি জনগোষ্ঠী হৈছে টাই খামটি, তেতিয়াৰ সময়ত শদিয়াত বাস কৰা এই খামটিসকলে ইংৰাজ গৱৰ্ণৰ কৰ্ণেল হোৱাইটক হত্যা কৰিছিল। কৰ্ণেল হোৱাইটক হত্যা কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে ছত্ৰভংগ দিয়াবলৈ খামটি সকলক লৈ জাহাজেৰে যাত্ৰা কৰিছিল আন্দামান নিকোবৰলৈ। যাত্ৰাকালত জাহাজত অসুস্থ হৈ পৰা খামটি লোকসকলক ইংৰাজে কলাবাৰীত মুকলি কৰি দিছিল।

ইয়াৰ পিছতে এই টাই খামটি সকলে গৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত বসতি স্থাপন কৰিলে। আৰু গাঁওখনৰ নাম থ’লে “বৰখামটি”।মুঠ ৬৯ টা পৰিয়ালে বসবাস কৰা এই বৰখামটি গাঁওখন মূলত বৌদ্ধ ধৰ্মৰে দীক্ষিত। বৌদ্ধ ধৰ্মৰ পঞ্চশীলবাণীক ‘অহিংসাই পৰম ধৰ্ম’ সাৰোগত কৰি গাঁওবাসীয়ে বিগত ১৭৮ বছৰ অক্ষুণ্ণ ৰাখিছে শান্তিৰ পৰিবেশ। গাঁও খনৰ অধিকাংশ লোকেই শিক্ষিত | আধুনিক শিক্ষা দীক্ষাৰ সৈতে জড়িত গাৱবাসী সদায়েই সামাজিক ভাবেও সক্ৰিয় হৈ আছে |

বৰখামটি গাঁও খনৰ বিশেষত্ব হ’ল গাঁওখনৰ পৰিষ্কাৰ পৰিচন্ন আৰু কোলাহলমুক্ত পৰিৱেশ | ইয়াৰ বাবেই গাঁওখনক লৈ আকৰ্ষণ দিনক দিনে বৃদ্ধি পৰিছে | গাঁওখনৰ মাজতেই আছে খামটি লোকসকল উপাসনাস্থলী বৌদ্ধ মন্দিৰ। একমাত্ৰ এই বৌদ্ধ মন্দিৰটোৱেই গাঁওখনৰ শান্তিৰ স্বাক্ষৰ বহন কৰি আহিছে ।

বৰখামতি গাঁও

“অপৰাধ মুক্ত গাঁও” হিচাপে গাঁওখনে ২০০৫ চনতে লাভ কৰিছে ৰাষ্ট্ৰীয় মৰ্য্যদা। গাঁওখনৰ এজনো ব্যক্তিৰ বিৰুদ্ধে নাই এটাও গোচৰ।

হত্যা হিংসাৰে জৰ্জৰিত সমাজ ব্যবস্থাত এইখন গাঁও সঁচাকৈয়ে অনুকৰণীয় | অশান্ত অসমখনত এইসমূহ বৈশিষ্ট্যৰ বাবে বৰখামটি গাঁওখন এতিয়া লখিমপুৰ জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। টাই খামতি বসতি প্ৰধান বৰ খামটি গাৱৰ ৰাইজৰ বাবে এই বিষয়টো লৈ বৰ চৰ্চা নাই | কাৰণ তেওলোকৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰী ডাল ইমানেই মজবুত যে বাহিৰৰ কোনো ঘটনাই তেওলোকক প্ৰভাবাম্বিত কৰিব নোৱাৰে | গাঁও খনৰ নতুন প্ৰজন্মকো সেই পথেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰনা জনাই আহিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply