গুৱাহাটী– আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইয়াৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰৰ বেনাৰ প’ষ্টাৰৰে ভৰি পৰিছে মহানগৰীৰ বাট-পথ। জি এছ ৰোডৰ পৰা আৰম্ভ কৰি ৰাধাগোবিন্দ বৰুৱা পথ, মণিৰাম বৰুৱা পথকে ধৰি মহানগৰীৰ উপপথ সমূহো ভৰি পৰিছে বিভিন্ন ৰাজনৈতিক নেতা, শাসক-বিৰোধী তথা বিভিন্ন ৰাজনৈতিক দলৰ হৰ্ডিং-বেনাৰেৰে।

আনকি সাৰি যোৱা নাই ৰাজপথৰ কাষৰ গছ, বিদ্য়ুতৰ খুটা পৰ্যন্ত। পিছে অবৈধভাৱে হৰ্ডিং অৰা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৌৰ নিগমে সময়ে সময়ে জাননী জাৰি কৰে । ইয়াৰ বাবে পৌৰ নিগমত পৃথকে হৰ্ডিং আৰু এডভাৰ্টাইজিং শাখাও আছে। ব্য়ৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে সততে সক্ৰিয় গুৱাহাটী পৌৰ নিগম কিন্তু ৰহস্য়জনক ভাৱে ৰাজনৈতিক দলৰ বেনাৰ বেনাৰ হৰ্ডিঙক লৈ মৌন আৰু নিৰব।

ৰাজপথ, উপপথ,ফ্লাই অভাৰ, ৰাজহুৱা স্থান আদিত অবৈধভাৱে বেনাৰ হৰ্ডিং আদি লগোৱা অধিকাংশ লোকেই বিধানসভাৰ আগন্তক নিৰ্বাচনত বিভিন্ন দলৰ টিকট প্ৰত্য়াশী। ইয়াৰে ভিতৰত বিজেপি দলৰ দিছপুৰ সমষ্টিৰ মৃগাংক বৰ্মন, জয়ন্ত দাস,গুৱাহাটী পূব সমষ্টিৰ বিজেপীৰ টিকট প্ৰত্য়াশী তথা মুখ্য়মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী,পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্য়াশী তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, কংগ্ৰেছৰ পূব গুৱাহাটী সমষ্টিৰ টিকট প্ৰত্য়াশী পংকজ বৰবৰা, আৰু ৰঞ্জন বৰাৰ বেনাৰেৰে ভৰি পৰিছে গুৱাহাটীৰ বাট-পথ।

উল্লেখ্য় যে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ পদত কাৰ্য নিৰ্বাহ কৰাৰ পিছতো মৃগেন শৰণীয়াই নিজেই সকলো নীতি নিয়ম উলংঘা কৰি অবৈধ ভাৱে লগাই বেনাৰ হৰ্ডিং। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শীৰ্ঘ্ৰেই ব্য়ৱস্থা ল’বলৈ দাবী জনাইছে সচেতন মহলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply