নিউজ ডেস্ক – ভাৰতে পাকিস্তানক আক্ৰমন কৰাৰ ভয়ত পাকিস্তানী চৰকাৰে ভাৰতীয় বায়ুসেনাৰ পাইলট অভিনন্দন বৰ্ধমানক মুকলি কৰি দিছিল ‘ – এই মন্তব্য পাকিস্তানৰ শীৰ্ষ নেতা আয়াজ ছাদ্দিকৰ। এই মন্তব্য কৰি ‘দেশদ্ৰোহী’ আখ্যাৰে বিতৰ্কত সাঙোৰ খাইছে নেতা গৰাকী।
পাকিস্তানৰ মুছলিম লীগৰ (পি এম এল)ৰ নেতা গৰাকীয়ে দেশখনৰ শীৰ্ষ বিষয়া সকলৰ লগত অনুষ্ঠিত এখন বৈঠকত উল্লেখ কৰে যে ,’ ভৰি কঁপি আছিল আৰু মূৰত ঘাম বিৰিঙি উঠিছিল’ যেতিয়া বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেছিয়ে ভাৰতৰ বায়ুসেনাৰ পাইলট অভিনন্দন বৰ্ধমানক মুকলি কৰিবলৈ নিৰ্দেশ দি কৈছিল যদি তেওঁক মুকলি কৰি দিয়া নহয় তেতিয়াহ’লে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব ।’
বৈদেশিক মন্ত্ৰী গৰাকীয়ে মোক কৈছিল ,’ অভিনন্দন বৰ্ধমানক মুকলি কৰি দিয়াতো উচিত নহ’লে আজি ৰাতি ন বজাত ভাৰতে আমাক আক্ৰমণ কৰিব ।’
সেই বৈঠকৰ কথা মনত পেলাই ছাদ্দিকে কয় ,’ তেওঁ কেৱল ভাৰতৰ আগত নতশিৰ হৈ অভিনন্দনক মুকলি কৰি দিছিল।’
পিছে ছাদ্দিকৰ মন্তব্যৰ বিৰুদ্ধে বিপক্ষ দলৰ এগৰাকী নেতাই মন্তব্য কৰি কয় যে সেই বৈঠক খন অভিনন্দন বৰ্ধমানক মুকলি কৰি দিয়াৰ পিছত অনুষ্ঠিত হৈছিল।ছাদ্দিকৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি পাকিস্তানৰ গৃহমন্ত্ৰী এজাজ শ্বাহে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে চৰকাৰে ছাদ্দিকৰ বিৰুদ্ধে দেশদ্ৰোহীৰ অপৰাধত বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।এই সন্দৰ্ভত আৰক্ষীয়ে বহুতো তথ্য লাভ কৰিছে ।