নিউজ ডেস্ক– জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট বলিউডৰ এগৰাকী ব্যস্ত আৰু সফল অভিনেত্ৰী। ৰাজী, ডিয়েৰ জিন্দেগী,হাইৱে আদি চলচ্চিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰে সকলোকে মুগ্ধ কৰা অভিনেত্ৰী গৰাকীয়ে এইবাৰ অভিনয় নহয় টাৰ্ণ লৈছে ব্যৱসায়ৰ ফালে। অভিনেত্ৰী গৰাকীয়ে অতি সোণকালেই নিজাকৈ মুকলি কৰিব কাপোৰৰ ব্ৰেণ্ড।
ইনষ্ট্ৰাগ্ৰাম যোগে অভিনেত্ৰী গৰাকীয়ে নতুন ব্ৰেণ্ডৰ বিষয়ে অৱগত কৰে। আলিয়াৰ নতুন ব্ৰেণ্ড ‘ঈদ-এ-মাম্মা’ ত উপলব্ধ হ’ব ২বছৰৰ পৰা ১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বিভিন্ন ডিজাইনৰ কাপোৰ।
‘ঈদ-এ-মাম্মা’ত উপলব্ধ হ’ব সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী কাপোৰ। এইটো সম্পূৰ্ণ ঘৰুৱা ব্ৰেণ্ড বুলি অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে। প্ৰতিযোৰ কাপোৰতে শিশুৰ জনপ্ৰিয় কমিকছৰ থীম থাকিব।
শেহতীয়াকৈ অভিনেত্ৰী গৰাকীক সঞ্জয় দত্ত আৰু আদিত্য় ৰয় কাপুৰৰ সৈতে ‘চড়ক-২’ দেখা গৈছিল। তেওঁৰ পৰৱৰ্তী চিনেমা ‘ব্ৰহ্মাস্ত্র’ত বয়ফ্ৰেণ্ড ৰণবীৰ কাপুৰ আৰু অমিতাভ বচ্চনৰ সৈতে দেখা পোৱা যাব।